অসম
যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মা অসুস্থ, চিকিৎসালয়ত ভৰ্তি…

যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মা অসুস্থ।
বুধবাৰৰ পুৱা নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় শিল্পীগৰাকীক।
জানিব পৰা মতে, স্নানগাৰত পৰি আঘাত পাইছিল শিল্পীগৰাকীয়ে।
তাৰ পিছতে শয্যাশায়ী হৈ আছিল ঘৰতে।
চিকিৎসকে আজি তেওঁৰ প্ৰয়োজনীয় পৰীক্ষা সমূহ কৰিব।
এটা অস্ত্ৰোপ্ৰচাৰ প্ৰয়োজন হ’ব বুলি চিকিৎসকে জানিবলৈ দিছে।