যদি বৰ্ষাশ্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহ কৰিছে, তেন্তে আলফাক ক্ষমা খুজি মন্ত্ৰী সঞ্জয় কিষাণেও ৰাষ্ট্ৰদ্ৰোহ কৰিছেঃ বিধায়িকা শিৱামণি বৰা

নিউজ ডেস্কঃ বিজেপি চৰকাৰৰ দিনত অসম আৰক্ষীৰ ওপৰত ভৰষা নাইকীয়া হৈছে সাধাৰণ জনতাৰ। -এই মন্তব্য বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাৰ।

যোৰহাটৰ কন্যা বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ মুক্তিৰ দাবীত সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন। সামাজিক মাধ্যমত ব্যাপক দাবী উত্থাপন হৈছে বৰ্ষাশ্ৰীক মুক্ত কৰি দিয়াৰ।

ইয়াৰ মাজতে বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবী জনাই বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাই কয় যে এগৰাকী ১৯ বৰ্ষীয় ছাত্ৰীক যোৱা দুমাহ ধৰি কাৰাগাৰত বন্দী কৰি ৰখাটো কোনোপধ্যেই উচিত হব নোৱাৰে।

আনহাতে কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰসংগ টানি আনি শিৱামণি বৰাই কয়, ‘অসমত কা বলবৎ হলে আলফালৈ যাম বুলি কৈছিল। যদি আইন সকলোৰে বাবে সমান, তেন্তে তেতিয়া জুবিন গাৰ্গৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিল?’

ইফালে আলফাৰ ওচৰত নতমস্তক হৈ ক্ষমা বিচৰা কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰসংগও উত্থাপন কৰে বিধায়িকাগৰাকীয়ে। তেওঁ কয় যে যদি আলফালৈ যোৱাৰ কথা কোৱা বাবে বৰ্ষাশ্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহ কৰা হয়, তেন্তে একেই ৰাষ্ট্ৰদ্ৰোহ মন্ত্ৰী সঞ্জয় কিষাণেও কৰিছে। কিন্তু তেওঁৰ বিৰুদ্ধে কিয় কোনো পদক্ষেপ লোৱা নহ’ল বুলি আৰক্ষী আৰু চৰকাৰক প্ৰশ্ন কৰে বিধায়িকা শিৱামণি বৰাই।

আনফালে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু বিশেষ সঞ্চালকপ্ৰধান জিপি সিঙৰ মাজত কথাৰ কোনো মিল নাই বুলি মন্তব্য কৰি শিৱামণি বৰাই কয় যে ডিজিপি মহন্তই কৈছে যে কোনো কবিতা লিখা বাবে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হোৱা নাই। কিন্তু বিশেষ ডিজিপি জিপি সিঙে কৈছে কবিতা বা তেনে পংক্তি লিখাৰ বাবেই যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

যোৱা দুমাহে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰাৰ প্ৰকৃত কাৰণ আৰক্ষীয়ে স্পষ্ট কৰা নাই বুলি মন্তব্য কৰে বটদ্ৰৱাৰ বিধায়িকাগৰাকীয়ে। তেওঁ কয় যে ন্যায়গতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হওক। কিন্তু মাত্ৰ দুদিন পিছত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাত অৱতীৰ্ণ হ’বপৰাকৈ মেধাৱী ছাত্ৰীগৰাকীক সুবিধা কৰি দিবলৈও অসম আৰক্ষী তথা মুখ্যমন্ত্ৰীক আহ্বান জনায় শিৱামণি বৰাই।

1 thought on “যদি বৰ্ষাশ্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহ কৰিছে, তেন্তে আলফাক ক্ষমা খুজি মন্ত্ৰী সঞ্জয় কিষাণেও ৰাষ্ট্ৰদ্ৰোহ কৰিছেঃ বিধায়িকা শিৱামণি বৰা”

Comments are closed.