MEGHALAYA

মৰ্যদা সহকাৰে আৰক্ষীয়ে শেষ বিদায় জনালে ‘ৰাণী’ক!

নিউজ ডেস্ক। বিশিষ্ট ব্যক্তি বা শ্বহীদ সেনা জোৱানৰ মৃত্যুত স-সন্মানে বিদায় দিয়ে আৰক্ষী তথা নিৰাপত্তা বাহিনীয়ে।

ঠিক তেনেদৰেই এইবাৰ এটা কুকুৰৰ মৃত্যুত সন্মান সহকাৰে বিদায় দিলে মেঘালয় আৰক্ষীয়ে।

সেই দৃশ্য দেখা পোৱা গল মেঘালয়ত।

জানিব পৰা মতে, বিদায় দিয়া সেই কুকুৰাটো মেঘালয় আৰক্ষীৰ কে-৯ ‘ডগ স্কোৱাড’ৰ সদস্য আছিল।

সেই সদস্যৰ নাম আছিল ৰাণী। যিয়ে মেঘালয় আৰক্ষীক বিগত সময়ত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰি বহুতৰ জীৱন ৰক্ষা কৰিছিল।

সেই ৰাণীৰে মৃত্যু হয় বুধবাৰে। যাৰ ফলত ৰাণীক মৰ্যদা সহকাৰে বিদায় দিয়ে মেঘালয় আৰক্ষীয়ে।

এই সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে টুইটাৰত কয়, “আজি আমি অতি শোকাকুল অন্তৰেৰে স্বৰ্গগামী হোৱা আমাৰ বিভাগৰ মূল্যৱান সদস্য কে-৯ ৰাণীক বিদায় দিওঁ। বিগত সময়ছোৱাত কে-৯ ৰাণীয়ে বিস্ফোৰক সামগ্ৰী চিনাক্ত কৰা আৰু বহুতৰ জীৱন ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰাণী, তোমাৰ অভাৱ সদায় অনুভৱ কৰিম।”

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button