Mon. Nov 23rd, 2020

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা বিবাহ যাত্ৰী কঢ়িওৱা বলেৰ’ বাহনৰ।

ঘটনাস্থলীতে শােকাৱহ মৃত্যু ৬ শিশুসহ ১৪ বিবাহযাত্ৰীৰ।

উত্তৰ প্ৰদেশৰ প্ৰতাপগঢ় জিলাৰ মানিকপুৰ থানাৰ অধীনস্থ প্ৰয়াগৰাজ-লক্নৌ ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে নিশা প্ৰায় ১১.৪৫ বজাত সংঘটিত হয় এক পথ দুৰ্ঘটনা।

এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে ট্ৰাকখনৰ পিছফালে বলেৰ’খনৰ অধিকাংশই সােমাই আবদ্ধ হৈ পৰে।

ঘটনাৰ খবৰ লাভ কৰিয়েই তাত উপস্থিত হয় জিলাখনৰ আৰক্ষী অধীক্ষক সহ উদ্ধাৰকাৰী দল।

জানিব পৰা মতে, নৱাবগঞ্জ থানাৰ অন্তৰ্গত শেখপুৰ গাঁৱত এক বিবাহ অনুষ্ঠানত অংশ লৈ উভতি আহিছিল এই বিবাহ যাত্ৰীসকল।

তেনে সময়তে ৰাজপথত থিয় দি থকা মৃত্যুদূত ৰূপী ট্ৰাকখনৰে সংঘৰ্ষ হয় বিবাহ যাত্ৰী কঢ়িওৱা UP-72AV-4804 নম্বৰৰ বলেৰ’ গাড়ীখনৰ।

নিহত লােককেইজনৰ নাম হৈছেঃ দিনেশ কুমাৰ (৪੦), পৱন কুমাৰ (১੦), দয়া ৰাম (৪੦), অমন (৭), ৰাম সমুঝ (৪੦), অংশ (৯), গৌৰৱ কুমাৰ (১੦), নান ভায়k (৫৫), সচিন (১২), হিমাংশু (১২), মিথিলেশ কুমাৰ (১৭), অভিমন্যু (২৮), পাৰছনাথ (৪੦, গাড়ী চালক) আৰু বাবলু (২২)।

উক্ত ঘটনাক লৈ গভীৰ শােক প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যােগী আদিত্যনাথে। দুৰ্ভগীয়া পৰিয়ালসমূহক সকলাে ধৰণে সহায় কৰিবলৈ তেওঁ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে।