
নিউজ ডেস্কঃ দ্ৰুতবেগী ৰে’লৰ খুন্দাত প্ৰাণ গ’ল এহাল স্বামী-স্ত্ৰীৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে ক্ষেত্ৰীৰ উলুবামত।
জানিব পৰা মতে, শুকুৰবাৰে নামনি মুৱা কলং কপিলী এক্সপ্ৰেছৰ খুন্দাত নিহত হয় পতি-পত্নী দুয়োজন।
নিহত দম্পতীহালক ক্ষেত্ৰীৰ ২নং সেনাবৰৰ ৰাজীৱ পাহাৰীয়া ওৰফে টেটুন আৰু চন্দ্ৰমা ছেত্ৰী বুলি চিনাক্ত কৰা হৈছে।
আনহাতে এয়া দুৰ্ঘটনা নে আত্মহত্যাৰ ঘটনা সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।