মৰ্মান্তিক! ৰে’লপথৰ দাঁতিত খেলি থকাৰ সময়তে তীব্ৰবেগী ৰে’লৰ খুন্দাত মৃত্যু ৩ শ্ৰমিক শিশুৰ…

নিউজ ডেস্কঃ ৰে’ল লাইনৰ দাঁতিত খেলি থকাৰ সময়তে তীব্ৰবেগী ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে ৩টাকৈ কণমানিয়ে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ শ্ৰী কিৰাটপুৰ চাহিবৰ সমীপত।

জানিব পৰা মতে, দেওবাৰে পুৱাৰ ভাগত ৪টা শ্ৰমিক শিশুৱে কিৰাটপুৰ চাহিবৰ ছতলেজ নদীৰ ওপৰত থকা এখন দলঙৰ সমীপৰ ৰে’লপথত খেলি আছিল।

সেই সময়তে অহা এখন তীব্ৰবেগী যাত্ৰীবাহী ৰে’লে শিশু কেইটিক খুন্দা মৰাত তিনিটা শিশুৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

ইফালে আহত আনটি শিশুক ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

নিহত শিশু কেইটিৰ আটাইকেইটাৰ বয়স ৭ বছৰৰ পৰা ১৩ বছৰৰ ভিতৰত হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

এই শোকাবহ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

ইফালে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে নিহত শিশু কেইটিৰ পৰিয়াললৈ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ বাবে চৰকাৰক দাবী জনাইছে।

অন্যহাতে ৰাজ্য চৰকাৰেও এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।