মৰ্মান্তিক! ৰােগাক্ৰান্ত ১২ বছৰীয়া পুত্ৰৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে প্ৰাণ ত্যাগ মাতৃৰো

নিউজ ডেস্ক। এক হৃদয় বিদাৰক ঘটনা।

নিজৰ ১২ বছৰীয়া ৰােগাক্ৰান্ত পুত্ৰৰ চিকিৎসালয়ত মৃত্যুৰ খবৰ পােৱাৰ পিছতে প্ৰাণ ত্যাগ দুৰ্ভাগীয়া মাতৃৰাে।

এই হৃদয় বিদাৰক ঘটনাই মর্মাহত কৰিছে ওদালগুৰি জিলাৰ ৰৌতাৰ কঠালবাৰী গাঁৱৰ বাসিন্দাসকলক।

জানিব পৰা মতে, ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তর্গত কঠালবাৰী গাঁৱৰ ৰূপম ডেকাৰ পুত্র মহেশ্বৰ ডেকা (১২)।

মহেশ্বৰ ডেকা স্থানীয় জনতা মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যনৰত আছিল।

image 65
মৰ্মান্তিক! ৰােগাক্ৰান্ত ১২ বছৰীয়া পুত্ৰৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে প্ৰাণ ত্যাগ মাতৃৰো 3

কেবাদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ মহেশ্বৰ ডেকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল।

কিন্তু চিকিৎসাধীন অৱস্থাতে শনিবাৰে পুৱা কিশোৰজনে অকাল মৃত্যুক সাৱটি লয়।

image 66
মৰ্মান্তিক! ৰােগাক্ৰান্ত ১২ বছৰীয়া পুত্ৰৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে প্ৰাণ ত্যাগ মাতৃৰো 4

ইফালে পুত্র মহেশ্বৰ ডেকাৰ দৰে মাতৃ অঞ্জলি ডেকাও একে ৰোগত আক্ৰান্ত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত পুত্ৰৰ মৃত্যুৰ খবৰ পাই আবেলি শেষ নিশ্বাস ত্যাগ কৰে।

এনেদৰে একেদিনাই মাতৃ-পুত্ৰৰ মৃত্যু হোৱা ঘটনাটোৱে সমগ্ৰ কঠালবাৰী অঞ্চলত শোকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ বিদ্যালয়ৰ সন্মুখত ৰৈ ছাত্ৰীক অশালীন ইংগিত! আটক ৭ লম্পট…

চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল