মৰ্মান্তিক! ৰাম নৱমীৰ পূজা-অৰ্চনাৰ মাজতে অঘটন, মন্দিৰৰ কুঁৱাৰ ওপৰত নিৰ্মিত মজিয়া ভাঙি মৃত্যু ১৩ ভক্তৰ…

নিউজ ডেস্কঃ ৰাম নৱমীৰ আৰাধনাৰ মাজতে ভয়ংকৰ ঘটনা।

মন্দিৰত পূজা-অৰ্চনাত ব্যস্ত থকাৰ সময়তে কুঁৱাৰ ওপৰত নিৰ্মাণ কৰা মজিয়া খহি পৰি মৃত্যু কমেও ১৩ জন ভক্তৰ।

মধ্যপ্ৰদেশৰ ইন্দোৰৰ স্নেহ নগৰ অঞ্চলস্থিত শ্ৰী বালেশ্বৰ মন্দিৰত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা।

জানিব পৰা মতে, বৃহস্পতিবাৰে ৰাম নৱমী উপলক্ষ্যে অগনন ভক্তৰ সমাগম ঘটিছিল মন্দিৰটোলৈ।

সকলো ভগৱানক আৰাধনাত ব্যস্ত থকাৰ সময়তে মন্দিৰ চৌহদত এটা কুঁৱাৰ ওপৰত নিৰ্মাণ কৰা মজিয়াখন খহি পৰে।

এই দুৰ্ঘটনাত ১৩ জন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় আন কেইবাগৰাকীও ভক্ত।

ঘটনাৰ পিছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

স্থানীয় প্ৰশাসনে প্ৰকাশ কৰা মতে, এই মুহূৰ্তলৈকে ১০ জনক জীৱন্তে উদ্ধাৰ কৰা হৈছে।