fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! ৰখাই থোৱা বাছত নিশা ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ভিতৰত শুই থকা কণ্ডাক্টৰৰ…

নিউজ ডেস্কঃ দিনটোৰ পৰিশ্ৰমৰ অন্তত নিশা বাছৰ ভিতৰতে শুই থকা সময়তে সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল এজন বাছ কণ্ডাক্টৰে।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে বাংগালুৰুৰ লিংগাধীৰানাহল্লীত।

নিশা ৰখাই থোৱা বিএমটিচিৰ এখন যাত্ৰীবাহী বাছত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।

নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত এই বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটে সেই সময়ত বাছৰ ভিতৰত শুই থকা বাছ কণ্ডাক্টৰজনৰ।

নিহত কণ্ডাক্টৰজনক মুথৈয়া স্বামী (৪৫) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, দিনটোৰ শেষত নিশা বাছৰ চালকজনে ৰেষ্টৰুমত শোৱাৰ বিপৰীতে কণ্ডাক্টৰ মুথৈয়াই বাছৰ ভিতৰতে শুইছিল।

সেই সময়তে সংঘটিত হয় এই অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Related Articles

Back to top button