
নিউজ ডেস্কঃ ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা মাৰি নিহত হ’ল একেটা পৰিয়ালৰ ৩ সদস্যসহ ৪ জন। এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ভিলৱাৰা-আজমেৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিজয়নগৰৰ সমীপত।
জানিব পৰা মতে, ভিলৱাৰাৰ কাশীপুৰীৰ নিৱাসী অংকিত আগৰৱাল (৩৯), তেওঁৰ পত্নী ৰাখী আগৰৱাল (৩৬) আৰু পুত্ৰ প্ৰথমম আগৰৱালে (১২) হিমাচললৈ ফুৰিবলৈ গৈছিল।
বৃহস্পতিবাৰে তেওঁলোকে হিমাচলৰ পৰা ৰে’লযোগে আজমেৰত উপস্থিত হয়।

তাৰ পিছতে আগৰৱাল পৰিয়ালটোত আনিবলৈ আজমেৰ ষ্টেছনলৈ যায় চালক কায়্যুম।
আজমেৰৰ পৰা তেওঁলোক ভিলৱাৰা অভিমুখে আহি থকাৰ সময়তে বিজয়নগৰৰ সমীপৰ চৰভূজা হেটোলৰ সমীপত ৰখাই থোৱা এখন ট্ৰাকত পিছফালৰ পৰা খুন্দা মাৰে তেওঁলোকৰ বাহনখনে।
এই ভয়ংকৰ দুৰ্ঘটনাত অংকিত, তেওঁৰ পত্নী ৰাখী আৰু চালক কায়্যুমৰ ঘটনাস্থলীতে মৃত্যু ঘটে। আনহাতে গুৰুতৰভাৱে আহত ১২ বছৰীয়া প্ৰথমমক স্থানীয় লোকে উদ্ধাৰ কৰি সংকটজনক অৱস্থাত হাস্পতাললৈ লৈ যায় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় প্ৰথমমেও।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে আগৰৱাল দম্পতীয়ে যাত্ৰা কৰা বাহনখন ট্ৰাকৰ তলত সম্পূৰ্ণৰূপে সোমাই পৰাত বহু সময় ধৰি গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ থাকে তিনিজনৰ মৃতদেহ। পৰৱৰ্তী সময়ত অশেষ কষ্টৰে আৰক্ষীয়ে মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ইফালে এই মৰ্মান্তিক দুৰ্ঘটনাই শোকৰ বন্যা নমাইছে সমগ্ৰ ভিলৱাৰাত।
হিমাচল ফুৰিবলৈ গৈ ঘূৰি অহাৰ সময়ত এনেদৰে একেটা পৰিয়ালৰ ৩ সদস্যসহ ৪ জনে মৃত্যুক সাৱটি লোৱা ঘটনাই মৰ্মাহত কৰিছে পৰিয়ালৰ লগতে আগৰৱাল জনগোষ্ঠীক।
লগতে চাওকঃ

