মৰ্মান্তিক! ৰখাই থোৱা ট্ৰেইলাৰত খুন্দা মাৰি বাগৰি পৰিল বাছ, দুটি শিশু-শিক্ষয়িত্ৰীসহ ৭ জনৰ মৃত্যু

নিউজ ডেস্কঃ সোমবাৰে পুৱাই ছত্তীশগড়ৰ কোৰবা জিলাত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত নিহত হয় শিশুসহ ৭ জন লোক।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কোবৰাৰ বাংগো থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথৰ মাদৈ ঘাটৰ সমীপত সোমবাৰে পুৱা ৪ বজাত এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই এখন ৰখাই থোৱা ট্ৰেইলাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

এই দুৰ্ঘটনাৰ ফলত দুটি শিশুসহ ৭ জন লোকৰ ঘটনাস্থলীতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন ৩ জন যাত্ৰী। নিহত সকলৰ মাজত এগৰাকী বিদ্যালয়ৰ শিক্ষয়িত্ৰীও আছিল বুলি জানিব পৰা গৈছে।

image 89
মৰ্মান্তিক! ৰখাই থোৱা ট্ৰেইলাৰত খুন্দা মাৰি বাগৰি পৰিল বাছ, দুটি শিশু-শিক্ষয়িত্ৰীসহ ৭ জনৰ মৃত্যু 2

আৰক্ষীয়ে সদৰী কৰা মতে, দুৰ্ঘটনাৰ সময়ত বাছখনে ৰায়পুৰৰ পৰা অম্বিকাপুৰৰ সীতাপুৰলৈ যাত্ৰা কৰি আছিল।

ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত কেইজনক পৌৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অন্যহাতে নিহত কেইজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

এই দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটো শোকস্তব্ধ কৰি তুলিছে।