
নিউজ ডেস্কঃ অহা বছৰ ফেব্ৰুৱাৰীত বিয়াৰ তাৰিখ কৰা হৈছিল বিশাল আৰু অলকাৰ। যোৱা ৬ জুলাইত ধুমধামেৰে সম্পন্ন হৈ গৈছিল দুয়োৰে আঙুঠি পিন্ধোৱা পৰ্ব। অলপ অলপকৈ চলিছিল যা-যোগাৰ। দুটি মন এক হোৱাৰ পিছত একেলগে এখন ঘৰ সজাৰ সপোন দেখিছিল বিশাল-অলকাই।
কিন্তু নিষ্ঠুৰ নিয়তিয়ে নিমিষতে কাঢ়ি লৈ গ’ল দুয়োৰে সপোন। মুহূৰ্তৰ ভিতৰতে ম্লান পৰিল দুটি পৰিয়ালৰ উছাহ-আনন্দ। এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুৰ শীতল কোলাত শুই পৰিল বিশাল আৰু অলকা।
শুকুৰবাৰে নিশা মথুৰাৰ যমুনা এক্সপ্ৰেছৱে’ত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা। যি দুৰ্ঘটনাই কাল অমানিশা নমাই আনে গুৰুগ্ৰামৰ বিশাল আৰু অলকাৰ পৰিয়াললৈ।

উল্লেখ্য যে, গুৰুগ্ৰাম নগৰৰ এটা জাৰ্মান কোম্পানীত জ্যেষ্ঠ বিজ্ঞানী হিচাপে কৰ্মৰত আছিল বিশাল। আনহাতে নয়দাৰ এটা আইটি কোম্পানীত চফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত আছিল অলকা। ২০২৩ চনৰ ২২ ফেব্ৰুৱাৰীটো তেওঁলোকৰ বাবে এটা বিশেষ দিন আছিল। কাৰণ সেই দিনটোতে সমাজক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলাৰ কথা আছিল বিশাল-অলকাই।
কিন্তু শুকুৰবাৰে নিশা তেওঁলোকে মথুৰা এক্সপ্ৰেছৱে’ৰে ঘৰলৈ ওভতাৰ পথতে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে দুয়োজনৰ। বিশাল-অলকাৰ মৃত্যুৰ খবৰ লাভ কৰিয়েই কান্দোনত ভাগি পৰে দুয়োজনৰ পৰিয়াল।
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বিশাল আৰু অলকাৰ দুৰ্ঘটনাই ৰক্তাক্ত কৰা শৱদেহ দেখি মৰণোত্তৰ পৰীক্ষা গৃহতে মূৰ্চা যায় বিশালৰ পিতৃ।
আৰক্ষীয়ে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ নিশ্চিত কৰিব পৰা নাই যদিও অধিক গতিবেগৰ বাবেই ৰাজপথৰ ওপৰত বাহনখন বাগৰি পৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।