
নিউজ ডেস্কঃ আজিকালি কেব ড্ৰাইভাৰ, অটো চালকে গাড়ীখন লৈ ঘৰৰ পৰা ওলাই যোৱাৰ পিছত এটাই চিন্তা কৰে- আজি বা কিহৰ বাবে চালান কাটে!
প্ৰতিমাহে গাড়ীৰ কিস্তি দিব লাগে, পৰিয়াল চলাব লাগে। তাৰ মাজতে আকৌ মেৰামতিৰ কাম থাকেই। এনেবোৰ কাৰণতে চিন্তাত টোপনি নহা হয় কেব চালক, অটো চালকৰ। তাৰ মাজতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি প্ৰতিদিনে ন ন নিয়ম বান্ধি দি প্ৰশাসনে চালান কটাৰ ফলত অথাই সাগৰত পৰে কোনোমতে খাই বৈ জীয়াই থকা সেইসকল চালক।
আগপিছ নাভাৱি কেৱল জৰিমণা বিহি ৰাজহ সংগ্ৰহ কৰিব লাগে বাবেই চালান কটাৰ ফলত মানসিকভাৱে ভাগি পৰি আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ’ল এজন অটো চালকে।
গাঁৱত থকা একমাত্ৰ পৈতৃক সম্পত্তিস্বৰূপ মাটিডৰা বিক্ৰী কৰি এখন অটো লৈছিল উত্তৰ প্ৰদেশৰ নিৱাসী সুনীল গুপ্তাই। উপাৰ্জন ভাল নাছিল। সীমিত উপাৰ্জনৰ পৰাই মাহে মাহে গাড়ীৰ কিস্তি দিয়াৰ উপৰিও দুটি সন্তান আৰু পত্নীৰ পোহপাল দিছিল সুনীলে।

কিন্তু ডেৰ মাহৰ ভিতৰতে দুখনকৈ চালান লাভ কৰি আৰ্থিক অভাৱৰ ফলত মানসিকভাৱে ভাগি পৰে সুনীল। যাৰ বাবে তেওঁ আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে সুনীলৰ পত্নীয়ে।
পত্নী সংগীতাই জানিবলৈ দিয়া মতে, সুনীলে প্ৰথমে ১০ হাজাৰ টকাৰ এখন চালান লাভ কৰিছিল। সেই খিনি জৰিমণা কেনেকৈ ভৰিব তাক লৈ চিন্তিত হৈ থাকোতেই ডেৰমাহৰ ভিতৰত ১৩ হাজাৰ টকাৰ দ্বিতীয়খন চালানো লাভ কৰে।
এনেদৰে দুখন চালানৰ বাবদ একেলগে ২৩ হাজাৰ টকাৰ জৰিমণা ভৰিবলৈ গৈ তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হয় সুনীল। কোনোমতে পৰিয়ালটোৱে দুমুঠি ভাত খাই আছিল। তেনে অৱস্থাত ২৩ হাজাৰ টকা যোগাৰ কৰিব নোৱাৰি মানসিকভাৱে একেবাৰে ভাগি পৰে অটো চালক সুনীল। যাৰ ফলত তেওঁ আত্মহত্যাৰ দৰে সিদ্ধান্ত লয়।
সুনীল গুপ্তাৰ মৃত্যুৰ পিছত এতিয়া কান্দোনত ভাগি পৰিছে পত্নী আৰু দুই সন্তান। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰীজনক এনেদৰে হেৰুৱাই দিকবিদিক হেৰুৱাই পেলোৱা পৰিয়ালটোৱে প্ৰশাসনৰ ভুলৰ বাবেই সুনীলে এনে এটি সিদ্ধান্ত ল’বলৈ বাধ্য হোৱা বুলি অভিযোগ তুলিছে।
ইফালে কামপুৰ আউটাৰৰ এছপি তেজ স্বৰূপ সিঙে ঘটনা সন্দৰ্ভত তদন্ত চলি থকাৰ বিষয়ে অৱগত কৰিছে। তেওঁ লগতে কয় যে সুনীলৰ আত্মহত্যাৰ কাৰণ কি সেয়া তদন্তৰ পিছতহে পোহৰলৈ আহিব।