fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! ১৫ ফেব্ৰুৱাৰীত কন্যাৰ বিয়া, নিমন্ত্ৰণী পত্ৰ বিলাবলৈ যাওতেই ট্ৰাকৰ খুন্দাত মৃত্যু পিতা-পুত্ৰৰ…

নিউজ ডেস্কঃ একমাত্ৰ কন্যাৰ বিয়াৰ চিঠি বিলাবলৈ যাওতেই ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু পিতা-পুত্ৰৰ।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কন্নৌজত।

জানিব পৰা মতে, কন্নৌজৰ তিৰৱা কোতৱালি অঞ্চলৰ নাথাপুৰৱা গাঁৱৰ নিৱাসী অৱধেশ ডুবে (৫০)ৰ কন্যা কোমলৰ বিয়াৰ দিন ঠিক হৈছিল ১৫ ফেব্ৰুৱাৰীত।

বিয়া বুলি ইতিমধ্যে ঘৰত সৃষ্টি হৈছিল উখল মাখল পৰিৱেশৰ।

বৰেলীৰ এটা আচবাব কাৰখানাত কৰ্মৰত একমাত্ৰ পুত্ৰ আদিত্য ডুবেয়েও (২৬) ছুটী লৈ আহিছিল ঘৰলৈ।

তাৰ পিছতে দেওবাৰে বিয়ালৈ আলহীক মাতিবলৈ বাইকেৰে যায় পিতা-পুত্ৰ দুয়োজন।

সেই সময়তে সদৰ কোতৱালিৰ পাল চৌৰাহাৰ সমীপত এখন তীব্ৰবেগী ট্ৰাকে তেওঁলোকক মহটিয়াই নিয়াত থিতাতে প্ৰাণ হেৰুৱায় পিতৃ অৱধেশ ডুৱে আৰু পুত্ৰ আদিত্যই।

পিতা-পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে কান্দোনত ভাগি পৰিছে পৰিয়াল। বিয়াৰ উলহ-মালহ এতিয়া ৰূপান্তৰিত হৈছে দুখৰ অমানিশালৈ।

এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোতে।

ইফালে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকজনক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

Related Articles

Back to top button