fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! হোলী খেলি বাথৰুমত একেলগে গা ধুবলৈ সোমাইছিল এহাল দম্পতী, গিজাৰ গেছ লিক হৈ দুয়োজনে সাৱটিলে মৃত্যুক…

নিউজ ডেস্কঃ ৰঙৰ উৎসৱ হোলী উদযাপন কৰি বিয়লি একেলগে বাথৰুমত গা ধুবলৈ সোমায়েই অকাল মৃত্যুক সাৱটি ল’লে এহাল দম্পতীয়ে।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত।

বাথৰুমৰ গিজাৰ গেছৰ ফলত শ্বাসৰুদ্ধ হৈ দম্পতীহালৰ মৃত্যু ঘটাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

নিহত দম্পতীহালক গাজিয়াবাদৰ মুৰাদনগৰৰ আগৰসেন কলনী ফেজ-১ৰ নিৱাসী দীপক গোৱেল (৪০) আৰু পত্নী শিল্পী গোৱেল (৩৬) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, দম্পতীহালে বুধবাৰে হোলী উদযাপন কৰাৰ পিছত বিয়লি প্ৰায় ৪ বজাত বাথৰুমত একেলগে গা ধুবলৈ সোমাইছিল।

কিন্তু এঘণ্টাৰো অধিক সময় তেওঁলোক বাথৰুমৰ পৰা ওলাই নহাত তেওঁলোকৰ দুই সন্তানে ওচৰ চুবুৰীয়াক এই বিষয়ে অৱগত কৰে।

পৰৱৰ্তী সময়ত তেওঁলোকৰ বাসগৃহত ওচৰ চুবুৰীয়া আৰু আৰক্ষী উপস্থিত হৈ বাথৰুমৰ দুৱাৰ ভাগি ভিতৰত প্ৰৱেশ কৰাত অচেতন অৱস্থাত প্ৰত্যক্ষ কৰে দীপক আৰু পত্নী শিল্পীক।

লগে লগে দুয়োকে নিকটৱৰ্তী হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে দুয়োজনকে মৃত ঘোষণা কৰে।

আৰক্ষীয়ে সন্দেহ কৰা মতে, বাথৰুমত কোনো ধৰণৰ খিৰিকি বা ভেণ্টিলেটৰ নথকাত গিজাৰ গেছৰ ফলতে দম্পতীহালৰ শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে।

আৰক্ষীয়ে দুয়োজনৰ মৃতদেহ পৰৱৰ্তী সময়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!