মৰ্মান্তিক! হুণ্ডাই বাহনৰ সৈতে ট্ৰাকৰ সংঘৰ্ষত প্ৰাণ গ’ল দুই শিক্ষকৰ

নিউজ ডেস্ক। ৰাজ্যত নিতৌ সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে বহুজনে।

নলবাৰী, কলিয়াবৰৰ পিছত এইবাৰ গহপুৰত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুজন শিক্ষকৰ।

জানিব পৰা মতে, বুধবাৰে সন্ধিয়া প্ৰায় ৭-৩০ বজাত গহপুৰত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

জানিব পৰা মতে, গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোলেঙীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু হুণ্ডাই i-20 বাহনৰ মুখামুখি সংঘৰ্ষত দুগৰাকী টেট শিক্ষক থিতাতে নিহত হয়।

ট্ৰাকখন লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখী আৰু আই-২੦ বাহনখনৰ গহপুৰৰ পৰা হাৱাজান অভিমুখী আছিল।

এই সংঘৰ্ষৰ ফলত আই-২০ বাহনখনৰ চালকৰ আসনত থকা কামদেৱালৰ দেৱজিৎ কাকতি আৰু সন্মুখৰ কাষৰ আসনত থকা হাৱাজানৰ দেৱজিৎ শৰ্মা থিতাতে নিহত হয়।

আনহাতে, আই ২০ খনৰ পিছৰ আসনত থকা আন তিনি জন লোক গুৰুতৰভাৱে আহত হয়।

এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে আই-২੦ বাহনখনৰ সন্মুখন অংশ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।

গহপুৰ নগৰৰ ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ পৰা বিদ্যলয়ৰ কাম কৰি ঘৰলৈ উভতাৰ পথত দুৰ্ঘটনাটো সংঘটিত হয়।

এনে আকস্মিক দুৰ্ঘটনাত শিক্ষক দুগৰাকীৰ অকাল মৃত্যুৰ ঘটনাই বৃহত্তৰ গহপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।

Exit mobile version