
নিউজ ডেস্কঃ মধ্যপ্ৰদেশৰ জবলপুৰৰ এখন হাস্পতালত সোমবাৰে সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত কমেও ৮জন ৰোগীৰ মৃত্যু ঘটে।
জানিব পৰা মতে, জবলপুৰৰ নিউ লাইফ মাল্টিস্পেচিয়েলিটি হাস্পতালত সোমবাৰে পুৱা অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে ৰোগী আৰু চিকিৎসা কৰ্মীৰ মাজত হূলস্থূলৰ সৃষ্টি হয়। অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায়।

আৰক্ষীৰ মতে এই অগ্নিকাণ্ডত বৰ্তমানলৈকে ৮-৯ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে। নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰো আশংকা কৰা হৈছে। আনহাতে নিহত সকলৰ ভিতৰত আছে দুগৰাকী নাৰ্ছো।
ইফালে হাস্পতালৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে জিলা উপায়ুক্তৰ সৈতে ফোনযোগে কথা পাতি উদ্ধাৰ অভিযান ত্বৰাম্বিত কৰাৰ নিৰ্দেশ দিয়ে। জানিব পৰা মতে, এতিয়ালৈকে ৩ জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে।
#madhyapradesh#jabalpurhospitalfire#9death#hjabalpurnewlifehospital
— Sweta Gupta (@swetaguptag) August 1, 2022
मध्य प्रदेश के जबलपुर के एक अस्पताल में आग लगने की वजह से 9-10 मरीजों की मौत हो गई. pic.twitter.com/f893nOonxU
খবৰ অনুসৰি, হাস্পতালখনৰ তলৰ মহলাত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈ নিমিষতে জুয়ে হাস্পতালৰ বৃহৎ অংশ ঘেৰি ধৰে। যাৰ ফলত হাস্পতালখনত সেই সময়ত উপস্থিত থকা বহু ৰোগী আৰু আত্মীয়ৰ লগতে চিকিৎসা কৰ্মী অগ্নিদগ্ধ হয়।
जबलपुर के एक अस्पताल में भीषण अग्नि दुर्घटना का दुखद समाचार प्राप्त हुआ है।
— Shivraj Singh Chouhan (@ChouhanShivraj) August 1, 2022
स्थानीय प्रशासन और कलेक्टर से निरंतर संपर्क में हूं। मुख्य सचिव को संपूर्ण मामले पर नजर बनाये रखने के लिए निर्देश दिया है। राहत एवं बचाव के लिए हरसंभव प्रयास किये जा रहे हैं।
ঘটনাৰ পিছতে হাস্পতালখনত জিলা উপায়ুক্তৰ লগতে অন্য শীৰ্ষ বিষয়াসকল উপস্থিত হৈ উদ্ধাৰ অভিযানৰ তদাৰক কৰে। এই ভয়ংকৰ অগ্নিকাণ্ডক লৈ আতংকই বিৰাজ কৰিছে।