fbpx
অসমীয়াঅসম

মৰ্মান্তিক! সৰস্বতী পূজালৈ সাজি কাচি ওলাই গৈ ঘৰলৈ আকৌ ঘূৰি নাহিল দুই বান্ধৱী, পথ দুৰ্ঘটনাই কাঢ়ি নিলে প্ৰাণ

নিউজ ডেস্কঃ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী আই সৰস্বতীৰ পূজালৈ বুলি ঘৰৰ পৰা সাজি কাচি ওলাই গৈছিল দুই বান্ধৱী। পিন্ধিছিল বাকচত সযতনে সাচি ৰখা প্ৰিয় পোছাকযোৰ!

কিন্তু বন্ধুৰ সৈতে সৰস্বতী পূজা চাবলৈ গৈ ঘৰলৈ আৰু ঘূৰি নাহিল দুয়োগৰাকী কিশোৰী। এক ভয়ংকৰ পথ দুৰ্ঘটনাই মুহূৰ্ততে প্ৰাণ কাঢ়ি লৈ গ’ল বান্ধৱী দুয়োগৰাকীৰ।

সমগ্ৰ ৰাজ্যত বৃহস্পতিবাৰে সৰস্বতী পূজা আৰু গণৰাজ্য দিৱস একেলগে উদযাপন কৰাৰ সময়তে ধুবুৰীত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা।

ধুবুৰীৰ গুৰু টেগ বাহাদুৰ পথত এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ৰখাই থোৱা দুখন বাইকত প্ৰচণ্ড জোৰে খুন্দা মৰাত থিতাতে প্ৰাণ হেৰুৱায় দুই কিশোৰীয়ে।

নিহত কিশোৰী দুগৰাকীক গৌৰীপুৰৰ নিৰ্মালী ৰায় আৰু শিৱাংগী ৰায় বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, আন ৫ জন লোকৰ সৈতে নিৰ্মালী আৰু শিৱাংগীয়ে সৰস্বতী পূজা চাবলৈ দুৰ্ঘটনাগ্ৰস্ত বাহনেৰে গৌৰীপুৰৰ পৰা ধুবুৰীলৈ গৈ আছিল।

সেই সময়তে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো।

সৰস্বতী পূজাৰ দিনাই এনেদৰে দুই বান্ধৱীৰ অকাল মৃত্যুত শোকৰ বন্যা নামিছে দুয়োগৰাকী কিশোৰীৰ পৰিয়ালত।

দুৰ্ঘটনাত আহত হৈছে বাহনখনত থকা আন ৫ জনো।

এই দুৰ্ঘটনাটোৱে শোকাহত কৰিছে সমগ্ৰ ধুবুৰীবাসীক।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!