মৰ্মান্তিক! স্কুললৈ যাবলৈ পথৰ দাঁতিত বাছৰ বাবে অপেক্ষা কৰি থকা মাতৃ-কন্যাক মহতিয়াই নিলে এম্বুলেন্সে, ক্ষুব্ধ ৰাইজে জ্বলাই দিলে এম্বুলেন্সখন…

নিউজ ডেস্কঃ স্কুললৈ যাবলৈ পথৰ দাঁতিত বাছৰ বাবে ৰৈ থকা সময়তে নিয়ন্ত্ৰণহীন এম্বুলেন্সৰ খুন্দাত মৃত্যু এহাল মাতৃ-কন্যাৰ।

এই শোকাবহ ঘটনা সংঘটিত হয় পশ্চিমবংগৰ হাওৰা জিলাত।

শনিবাৰে পুৱা সংঘটিত এই ঘটনাৰ পিছতে ক্ষুব্ধ ৰাইজে ৰাজপথৰ ওপৰতে দুৰ্ঘটনা সংঘটিত কৰা এম্বুলেন্সখনত অগ্নি সংযোগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

image 119
মৰ্মান্তিক! স্কুললৈ যাবলৈ পথৰ দাঁতিত বাছৰ বাবে অপেক্ষা কৰি থকা মাতৃ-কন্যাক মহতিয়াই নিলে এম্বুলেন্সে, ক্ষুব্ধ ৰাইজে জ্বলাই দিলে এম্বুলেন্সখন... 3

জানিব পৰা মতে, শনিবাৰে পুৱা স্কুললৈ যাবলৈ কন্যা টুছু পৰল (১০)ৰ সৈতে পথৰ দাঁতিত বাছৰ বাবে অপেক্ষা কৰি আছিল মাতৃ অপৰ্ণা পৰল (৪০)য়ে।

স্কুলত থকা বৃত্তি পৰীক্ষাৰ বাবে শনিবাৰে কিছু সোনকালেই ঘৰৰ পৰা ওলাই আহিছিল মাতৃ-কন্যা।

দুয়োজনে ৰাস্তাৰ কাষত বাছৰ বাবে অপেক্ষা কৰি থকা সময়তে নিয়ন্ত্ৰণহীন এখন এম্বুলেন্সে মাতৃ-কন্যাক মহতিয়াই নিয়ে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুয়োজনক স্থানীয় লোকে হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

image 120
মৰ্মান্তিক! স্কুললৈ যাবলৈ পথৰ দাঁতিত বাছৰ বাবে অপেক্ষা কৰি থকা মাতৃ-কন্যাক মহতিয়াই নিলে এম্বুলেন্সে, ক্ষুব্ধ ৰাইজে জ্বলাই দিলে এম্বুলেন্সখন... 4

ইফালে মাতৃ-কন্যাৰ মৃত্যুৰ পিছতে ক্ষুব্ধ ৰাইজে এম্বুলেন্সখন ৰাজপথৰ ওপৰতে জ্বলাই দি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত বৃহৎ আৰক্ষীৰ দলো মোতায়েন কৰিবলগা হয়।

ইফালে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে। আৰক্ষী-প্ৰশাসনৰ ভুলৰ বাবেই মাতৃ-কন্যাৰ এই কৰুণ মৃত্যু ঘটাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।