fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! সমনীয়াৰ সৈতে হাঁহি-মতি স্কুলৰ পৰা উভতিছিল কুমকুম আৰু মানৱ, কিন্তু বাটতে সংঘটিত পথ দুৰ্ঘটনাত আন ৫ শিশুৰ সৈতে মৃত্যু ভাতৃ-ভগ্নীহালৰো…

নিউজ ডেস্কঃ স্কুলৰ পৰা ঘৰলৈ অহাৰ সেই বাটতেই যেন মৃ্ত্যুৱে বাট চাই আছিল সাতোটিকৈ শিশুৰ বাবে।

কণকণ শিশু কেইটিয়ে সদায়ৰ দৰে বৃহস্পতিবাৰেও অটোৰে স্কুল ছুটীৰ পিছত উভতিছিল ঘৰলৈ।

কিন্তু তেতিয়ালৈকে কোনেও জনাই নাছিল যে সেয়াই আছিল আটাইকেইটা শিশুৰ বাবে শেষ ক্ষণ।

কাৰণ আধা বাটতে শিশু কেইটিৰ অটোখনত তীব্ৰবেগী বাহনে খুন্দা মৰাত থিতাতে প্ৰাণ হেৰুৱায় অটোখনত থকা সাতটা শিশুৱে।

এই মৰ্মান্তিক ঘটনাই এতিয়া কঁপাই গৈছে সমগ্ৰ ছত্তীশগড়।

image 45

বৃহস্পতিবাৰে বিয়লি ছত্তীশগড়ৰ কাংকেৰ জিলাৰ কোৰেৰত সংঘটিত হৈছিল এই হৃদয় বিদাৰক ঘটনা।

কালি এই দুৰ্ঘটনাতে প্ৰাণ হেৰুৱায় বালোদ জিলাৰ গুৰুৰ উন্নয়ন খণ্ডৰ ধনেলীৰ নিৱাসী দুই ভাতৃ-ভগ্নীয়েও।

কণমানি ভাতৃ-ভগ্নীহালে একেলগে উভতিছিল ঘৰলৈ। আৰু তেতিয়াই সংঘটিত দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱায় দুয়োজনে।

একেলগে দুটিকৈ সন্তানক হেৰুৱাই এতিয়া শোকত ভাগি পৰিছে শিশু দুটিৰ পিতৃ-মাতৃ। শোকস্তব্ধ হৈ পৰিছে গাঁওবাসী।

image 46

শোকসন্তপ্ত পৰিয়ালক সান্তনা দিবলৈ তেওঁলোকৰ বাসগৃহত উপস্থিত হৈছে স্থানীয় বিধায়িকা তথা প্ৰশাসনৰ লোকো।

শিশু দুটিৰ নাম মানৱ চাহু আৰু কুমকুম চাহু। কুমকুমৰ বয়স ১০ বছৰ আৰু তাই পঢ়ি আছিল চতুৰ্থ শ্ৰেণীত।

আনহাতে কুমকুমৰ ৬ বছৰীয়া ভাতৃ মানৱ আছিল দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ। শিশুদুটিৰ দেউতাক মহেশ্বৰ চাহু পেছাত এগৰাকী খেতিয়ক।

জানিব পৰা মতে, দুই ভাতৃ-ভগ্নীয়ে সদায় অটোৰে স্কুলৰ পৰা অহা-যোৱা কৰিছিল।

বৃহস্পতিবাৰেও স্কুল ছুটীৰ পিছত সদায় অহা অটোখনতে উঠি ঘৰলৈ উভতিছিল সমনীয়াৰ সৈতে ভাতৃ-ভগ্নীহাল।

আৰু তেতিয়াই সংঘটিত দুৰ্ঘটনাটোত আন ৫ শিশুৰ লগতে মৃত্যুক সাৱটি লয় কুমকুম আৰু মানৱেও।

উল্লেখ্য যে, বৃহস্পতিবাৰে ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া অটোখনত মুঠ ৮ জন শিশু বিদ্যালয়ৰ ছুটীৰ পিছত ঘৰলৈ উভতিছিল বুলি জানিব পৰা গৈছে।

এই দুৰ্ঘটনাটোত এটা শিশুৰ জীৱন কোনোমতে ৰক্ষা পৰে যদিও বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

Related Articles

Back to top button