
নিউজ ডেস্কঃ শিক্ষামূলক ভ্ৰমণলৈ যোৱাৰ সময়তে ভয়ংকৰ বাছ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল ৮ গৰাকীকৈ শিক্ষাৰ্থীয়ে।
শুকুৰবাৰে এই মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয় হাৰিয়ানাৰ আম্বালাৰ শ্বাহজাদপুৰত।
শ্বাহজাদপুৰৰ কক্কৰ মাজৰা গাঁৱৰ সমীপত ছাত্ৰ-ছাত্ৰীভৰ্তি বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰেইলাৰত খুন্দা মৰাৰ ৮ জনৰ মৃত্যু ঘটাৰ বিপৰীতে আন ৩৩ জন শিক্ষক আৰু শিক্ষাৰ্থী আহত হয়।
জানিব পৰা মতে, দিল্লীৰ দুখন বিদ্যালয়ৰ ৪১ গৰাকী শিক্ষক আৰু শিক্ষাৰ্থীয়ে শিক্ষামূলক ভ্ৰমণৰ বাবে উত্তৰ প্ৰদেশৰ বৰেলীৰ পৰা হিমাচল প্ৰদেশৰ বাড্ডিলৈ গৈ থকা সময়তে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।
ট্ৰেইলাৰত খুন্দা মাৰি বাছখন বাগৰি পৰাত ১ গৰাকী ছাত্ৰীৰ থিতাতে মৃত্যু ঘটে।
দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে যদিও হাস্পতাল পোৱাৰ পূৰ্বেই মৃত্যু ঘটে আন ৭ গৰাকী শিক্ষাৰ্থীৰ।
ইফালে আহত সকলৰ ৪ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।