fbpx
অসমীয়াঅসম

মৰ্মান্তিক! শিক্ষক, সহপাঠীৰ সৈতে হোটেলৰ চাওমিন খাই অসুস্থ হৈ পৰিল কণমানি তন্ময়, চিকিৎসাধীন অৱস্থাত মৃত্যু…

নিউজ ডেস্কঃ চাওমিন খাই খাদ্যৰ বিষক্ৰিয়াৰ ফলত অকাল মৃত্যুক সাৱটি ল’লে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ এগৰাকী কণমানি ছাত্ৰই।

চাওমিন খোৱাৰ পিছতে অসুস্থ হৈ পৰা ছাত্ৰজনক গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে শুকুৰবাৰে মৃত্যু ঘটে ছাত্ৰজনৰ।

নিহত ছাত্ৰজনৰ নাম তন্ময় বৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, যোৱা ২৮ মাৰ্চত হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ শিক্ষক, শিক্ষাৰ্থী আৰু কৰ্মচাৰী সকলোৱে বিদ্যালয়ৰ প্ৰকল্পৰ কামত ব্যস্ত থকাৰ বাবে বিদ্যালয়ৰ কাষৰ এখন হোটেলৰ পৰা চাওমিন অনাই খাইছিল।

image

কিন্তু চাওমিন খোৱাৰ পিছতে বমি আৰু তীব্ৰ পেটৰ বিষত আক্ৰান্ত হয় শিক্ষক-শিক্ষাৰ্থীসকল।

অসুস্থ আটাই সকলক লগে লগে হাওৰাঘাট চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও শিক্ষক বিশ্বম্বৰ হাফিলোচা আৰু ছাত্ৰ তন্ময় বৰাৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁলোকক নগাঁৱৰ এখন ব্যক্তিগত হাস্পতালৰ আইচিইউত ভৰ্তি কৰোৱা হয়।

কিন্তু তাতো তন্ময় বৰাৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ছাত্ৰজনক পৰৱৰ্তী সময়ত গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত ভৰ্তি কৰোৱা হয়।

image 1

গুৱাহাটীৰ হাস্পতালতে মৃত্যুৰ সৈতে যুঁজি অৱশেষত শুকুৰবাৰে হাৰ মানে হাওৰাঘাটৰ ১নং ৱাৰ্ডৰ নিৱাসী ধন বৰাৰ পুত্ৰ কণমানি তন্ময়ে।

ইপিনে শিক্ষক বিশ্বম্বৰ হাফিলোচা, শিক্ষয়িত্রী দীপ্তি সন্দিকৈ, ছাত্র স্পন্দন বৰগোহাঁই আৰু ৰণবীৰ থাপা বৰ্তমানেও নগাঁৱত চিকিৎসাধীন হৈ আছে।

আনহাতে বিষক্রিয়াত আক্রান্ত আন এগৰাকী শিক্ষয়িত্ৰী জ্যোৎস্না পালক শুকুৰবাৰে নতুনকৈ নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি বিদ্যালয়খনৰ প্ৰধান আচাৰ্য বিমল ধৰে জানিবলৈ দিয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!