
নিউজ ডেস্কঃ ছাত্ৰ জনৰ অপৰাধ আছিল শিক্ষকৰ পাত্ৰৰ পৰা পানী খোৱাটো। যাৰ বাবেই শিক্ষকৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ হাস্পতালত মৃত্যুক সাৱটি ল’বলগীয়া হ’ল এখন বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ এজন ছাত্ৰই।
এই ভংয়কৰ ঘটনা পোহৰলৈ অহাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে। স্বাধীনতাৰ ৭৫ বৰ্ষপুতি পালনৰ প্ৰাকক্ষণত সংঘটিত হোৱা এনে নিৰ্মম ঘটনাই ব্যথিত কৰিছে প্ৰতিজন ব্যক্তিক।
শিক্ষকৰ পাত্ৰৰ পৰা পানী পান কৰা ছাত্ৰজন দলিত সম্প্ৰদায়ৰ হোৱাৰ বাবেই শিক্ষকজনে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ছাত্ৰজনৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ জালোৰ জিলাত। জানিব পৰা মতে, জিলাখনৰ ছাইলা আৰক্ষী থানাৰ অন্তৰ্গত সুৰানা গাঁওস্থিত সৰস্বতী বিদ্যা মন্দিৰ নামৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ইন্দ্ৰ কুমাৰ নামৰ এজন তৃতীয় শ্ৰেণীৰ ছাত্ৰই শিক্ষকৰ পাত্ৰৰ পৰা পানী পান কৰিছিল।
এই অপৰাধতে বিদ্যালয়খনৰ শিক্ষক চাইল সিঙে ছাত্ৰজনক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ লগতে জাতিক লৈ অকথ্য গালি-গালাজ কৰাৰ অভিযোগ উত্থাপন হয়।
আনহাতে শিক্ষকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা ছাত্ৰজনক লগে লগে স্থানীয় চিকিৎসালয়লৈ নিয়া হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে আহমেদাবাদলৈ প্ৰেৰণ কৰা হয়। কিন্তু হাস্পতালতে চিকিৎসাধীন সময়ত মৃত্যু ঘটে ইন্দ্ৰ কুমাৰ নামৰ ৯ বছৰীয়া ছাত্ৰজনৰ।
এই ঘটনাৰ পিছতে মৃত ছাত্ৰজনৰ পৰিয়ালে ছাইলা আৰক্ষী থানাত অভিযুক্ত শিক্ষক চাইল সিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আটক কৰিছে অভিযুক্ত শিক্ষকজনক।
जालौर के सायला थाना क्षेत्र में एक निजी स्कूल में शिक्षक द्वारा मारपीट के कारण छात्र की मृत्यु दुखद है। आरोपी शिक्षक के विरुद्ध हत्या व SC/ST एक्ट की धाराओं में प्रकरण पंजीबद्ध कर गिरफ्तारी की जा चुकी है।
— Ashok Gehlot (@ashokgehlot51) August 13, 2022
ইফালে শিক্ষকৰ প্ৰহাৰত এজন দলিত ছাত্ৰৰ মৃত্যু ঘটাক লৈ সমগ্ৰ অঞ্চলটোত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত অঞ্চলটোত ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখে প্ৰশাসনে। সমান্তৰালভাৱে বিষয়টোৰ তদন্তৰ বাবে মুখ্য খণ্ড শিক্ষা বিষয়াৰ দ্বাৰা এখন তদন্ত সমিতিও গঠন কৰা হৈছে।
অন্যহাতে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও। তেওঁ কয়, “জালোৰৰ ছাইলা আৰক্ষী থানা অঞ্চলৰ এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকৰ আক্ৰমণৰ ফলত এজন ছাত্ৰৰ মৃত্যুৰ ঘটনা দুখজনক। অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে হত্যাৰ গোচৰ আৰু অনুসূচীত জাতি/জনজাতি আইনৰ ধাৰা ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে। গোচৰটো দ্ৰুত বিচাৰ আৰু দোষীৰ আগতীয়া শাস্তিৰ বাবে গোচৰটো বিষয়া আঁচনিত গ্ৰহণ কৰা হৈছে। ভুক্তভোগীৰ পৰিয়ালক যিমান সম্ভৱ সোনকালে ন্যায় নিশ্চিত কৰা হ’ব। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মৃতকৰ আত্মীয়সকলক ৫ লাখ টকাৰ সাহায্য প্ৰদান কৰা হ’ব।’’