মৰ্মান্তিক! ল’ৰীৰ প্ৰচণ্ড খুন্দাত প্ৰাণ গ’ল অটো আৰোহী একেটা পৰিয়ালৰ ৫ যাত্ৰীৰ, বিয়াৰ পৰা ওভতাৰ পথতে নামি আহিল কাল অমানিশা…

নিউজ ডেস্কঃ এক মৰ্মান্তিক পথ দুৰ্ঘটনাই কাল অমানিশা নমাই আনিলে এটা পৰিয়াললৈ।

বিবাহ অনুষ্ঠানত অংশ লৈ উভতি অহাৰ সময়তে তীব্ৰবেগী ল’ৰীৰ খুন্দাত মৃত্যু ঘটে একেটা জনজাতীয় পৰিয়ালৰ ৪গৰাকী মহিলাসহ ৫ জনকৈ লোকৰ।

দুৰ্ঘটনাৰ ফলত ৪ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আনজনৰ হাস্পতাললৈ নিয়াৰ পথত মৃত্যু ঘটে।

ইফালে দুৰ্ঘটনাত আহত হয় আন ৮ জন লোক। আহত সকলৰ দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

বুধবাৰে বিয়লি এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় অন্ধ্ৰপ্ৰদেশৰ পাৰ্বতীপুৰমৰ কোমাৰাডাৰ আন্তঃৰাজ্যিক ঘাইপথত।

জানিব পৰা মতে, আন্তিভালাছা গাঁৱৰ জনজাতীয় পৰিয়ালটোৱে এখন অটো ভাড়া কৰি তুম্মালাভালাছাত এখন বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গৈছিল।

বিয়লি পৰিয়ালটোৱে পুনৰ ঘৰলৈ ওভতাৰ সময়তে ওড়িশা অভিমুখে গৈ থকা এখন ল’ৰীয়ে তেওঁলোকৰ অটোখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

এই দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ল’ৰী চালকজনে।

দুৰ্ঘটনাত নিহত সকলক এম সাৰদা, এম আম্মাদম্মা, ইউ লক্ষ্মী, ইউ নৰসম্মা আৰু এম ভেংকটি বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিহত আটাইকেইজনেই শ্ৰমিক আছিল।

দুৰ্ঘটনাত আহত ৬ জনক প্ৰথমে পাৰ্বতীপুৰমৰ জিলা হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও আহত দুজনৰ অৱস্থা অতি সংকটজনক হোৱা্ত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে বাইজাগলৈ প্ৰেৰণ কৰা হয়।