মৰ্মান্তিক! ল’ৰীৰ খুন্দাত নিয়ন্ত্ৰণ হেৰুৱাই কণ্টেইনাৰ ট্ৰাকত খুন্দা চাৰিচকীয়া বাহনৰ, একেটা পৰিয়ালৰ ৩ সদস্যসহ ৪ জনৰ মৃত্যু

নিউজ ডেস্কঃ তেলেংগানাৰ আদিলাবাদ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে মাজনিশা সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৪ জনকৈ লোকে।

দুৰ্ঘটনাটোত গাড়ীখনৰ চালক আৰু এটা পৰিয়ালৰ তিনিজন সদস্যৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন এজন সদস্য গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, পৰিয়ালটোৱে হায়দৰাবাদৰ পৰা আদিলাবাদ চহৰলৈ উভতি অহাৰ সময়তে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা।

image 262
মৰ্মান্তিক! ল’ৰীৰ খুন্দাত নিয়ন্ত্ৰণ হেৰুৱাই কণ্টেইনাৰ ট্ৰাকত খুন্দা চাৰিচকীয়া বাহনৰ, একেটা পৰিয়ালৰ ৩ সদস্যসহ ৪ জনৰ মৃত্যু 3

দুৰ্ঘটনাত নিহত সকলক চৈয়দ ৰাফাতুলাহ আহমেদ (৫৬), তেওঁৰ কন্যা ছাবিয়া হাছমী (২৬), ভতিজা চৈয়দ ৱাজাহাথুল্লাহ (১৭) আৰু চালক ছামছুদ্দিন (৫০) বুলি চিনাক্ত কৰা হৈছে।

ইফালে দুৰ্ঘটনাটোত ৰাফাতুল্লাহৰ কনিষ্ঠ কন্যা জুবিয়া হাছমী (২৫) গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত গুডীহাথনূৰৰ ছিঠাগণ্ডী গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

image 261
মৰ্মান্তিক! ল’ৰীৰ খুন্দাত নিয়ন্ত্ৰণ হেৰুৱাই কণ্টেইনাৰ ট্ৰাকত খুন্দা চাৰিচকীয়া বাহনৰ, একেটা পৰিয়ালৰ ৩ সদস্যসহ ৪ জনৰ মৃত্যু 4

আৰক্ষীয়ে জনোৱা মতে, পৰিয়ালটোৱে যাত্ৰা কৰা চুজুকি এৰ্টিগা বাহনখনত পিছফালৰ পৰা এখন ল’ৰীয়ে খুন্দা মৰাত চাৰিচকীয়া বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই সন্মুখৰ এখন কণ্টেইনাৰ ট্ৰাকত খুন্দা মাৰে।

যাৰ ফলত তেওঁলোকৰ বাহনখন বিধ্বস্ত হৈ পৰাত ৪ জনৰ থিতাতে মৃত্যু ঘটে। নিহত সকল আদিলাবাদ চহৰৰ মাছুদ নগৰৰ নিৱাসী বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।