মৰ্মান্তিক! যাত্ৰীবাহী বাছ আৰু SUVৰ মাজত মুখামুখি সংঘৰ্ষ, ৯ জনৰ মৃত্যু, আহত ৩২ জন…

নিউজ ডেস্কঃ শনিবাৰে নিশা গুজৰাটৰ নৱছাৰীত এখন বাছ আৰু এছইউভি বাহনৰ মাজত সংঘটিত মুখামুখি সংগৰ্ষত ৯ জন লোক নিহত হোৱাৰ লগতে আন ৩২ জন লোক আহত হয়।

জানিব পৰা মতে, অংকলশ্বেৰৰ এখন ফাৰ্মৰ ৯ গৰাকী কৰ্মচাৰী লৈ যাত্ৰা কৰা এছইউভি বাহনখনে আহমেদাবাদৰ পৰা ভালছাদলৈ গৈ থকা যাত্ৰীবাহী বাছখনত খুন্দা মাৰে।

এই দুৰ্ঘটনাত দুয়োখন বাহনৰ ৯ জনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন ৩২ জন গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক বিভিন্ন হাস্পতাললৈ প্ৰেৰণ কৰে।

আহত সকলক একাধিক জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও ভুল দিশেৰে এছইউভিখন অহাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ আৰু আহত সকললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰিছে।