Mon. Nov 23rd, 2020

নিউজ ডেস্ক। এক মৰ্মান্তিক ঘটনা।

মাতৃৰ শেষকৃত্যৰ বাবে প্ৰয়োজন হোৱা খৰিৰ বাবে গছ কাটিবলৈ গৈ কৰুণ মৃত্যু পুত্ৰৰ।

ধেমাজি জিলাৰ চিলাপথাৰ থানাৰ অন্তৰ্গত বৰলুং গাঁৱত সংঘটিত হ’ল এই শােকাৱহ ঘটনা।

জানিব পৰা মতে, বৰলুং মাজগাঁৱৰ ৰোহিণী মিচং (৬০) নামৰ মহিলাগৰাকীৰ বুধবাৰে সন্ধিয়া মৃত্যু হয়।

বৃহস্পতিবাৰে পুৱা মহিলাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় খৰিৰ বাবে ঘৰৰ কাষত থকা এজোপা গছ কাটিবলৈ বুলি মহিলাগৰাকীৰ পুত্ৰ সঞ্জয় মিচং (৪৫) প্ৰতিবেশীৰ সৈতে ওলাই যায়।

কিন্তু দুৰ্ভাগ্যজনভাৱে মাতৃৰ শেষকৃত্যৰ বাবে কটা গছজোপাই সঞ্জয়ক চেপি ধৰাত তেওঁ গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়লৈ নি থকা অৱস্থাতে আদবাটতে মৃত্যু ঘটে।

এই শােকাৱহ ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।