
মৰ্মান্তিক! মাতৃসহ জে’ললৈ যোৱা ৩ বছৰীয়া শিশুৰ মৃত্যু
January 4, 2021নিউজ ডেস্ক। এক কৰুণ ঘটনা। দুই ৰাজনৈতিক দলৰ বিবাদৰ পিছত জে’ললৈ প্ৰেৰণ কৰা হ’ল মাতৃসহ ৩ বছৰীয়া শিশু। জে’লত অসুস্থ হৈ পৰা শিশুটিত মৃত্যু।
এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কৰ্ণাটকৰ জেৱাংগীত। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত স্থানীয় যথেষ্ট সংখ্যক লোকে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।

ঘটনা অনুসৰি, যোৱা ৩০ ডিচেম্বৰত স্থানীয় পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত পঞ্চায়ত চৌহদতে কংগ্ৰেছ আৰু বিজেপি দলৰ সমৰ্থক সকল লিপ্ত হয় সংঘৰ্ষত।
তাৰপিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে কেইবাজনকো। কিন্তু লক্ষণীয়ভাৱে আৰক্ষীয়ে ৩১ ডিচেম্বৰত বিজেপি দলৰ সমৰ্থকক থানাতে জামিন দি কংগ্ৰেছ দলৰ মহিলা কৰ্মীগৰাকীক জামিনবিহীন গোচৰেৰে জে’ললৈ প্ৰেৰণ কৰে।
আৰক্ষীয়ে মহিলা গৰাকীৰ লগতে তেওঁৰ ৩ বছৰীয়া শিশুটিকো জে’ললৈ যাবলৈ দিয়ে আৰু শনিবাৰৰ দিনা শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটাত তাৎক্ষণিকভাৱে কালাবুৰাগীৰ গুলবাৰ্গা চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হয় যদিও দেওবাৰে পুৱা মৃত্যু হয় শিশুটিৰ।
এই খবৰ পোৱাৰ লগে লগেই স্থানীয় লোক তথা দলীয় কৰ্মীসকলে প্ৰতিবাদত উত্তাল কৰি তোলে চিকিৎসালয় চৌহদ।
Karnataka: People protest against local police outside GIMS Hospital in Kalaburagi, over death of a 3-year-old child
— ANI (@ANI) January 3, 2021
“A woman was arrested in a case in Jevargi PS & jailed with her child. Child got sick & was sent to hospital & died. A probe is on,” says Kalaburagi SP SM George pic.twitter.com/tqsrGpEBFO
স্থানীয় কংগ্ৰেছ বিধায়ক অজয় সিং আৰু দলীয় কৰ্মীয়ে এই কাণ্ডৰ বাবে আৰক্ষী বিভাগক জগৰীয়া কৰাৰ লগতে উচিত তদন্ত্ৰ দাবী কৰিছে। আৰক্ষীয়েও ঘটনাৰ তদন্ত কৰাৰ আশ্বাস দিয়ে কংগ্ৰেছ কৰ্মী সকলক।
লগতে চাওকঃ
২০ বছৰত ৪০ বাৰতকৈ অধিক বদলি হৈছে কৰ্ণাটকৰ IPS বিষয়া ডি ৰূপা

৫৯ বছৰতো যুৱতীৰ দৰে ৰেম্পত খোজ অধ্যাপিকাৰ

মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড গ্ৰেপ্তাৰ পাকিস্তানত!
