নিউজ ডেস্কঃ বিয়াৰ ৬ মাহ পিছতে সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি ল’লে এহাল দম্পতীয়ে।
সোমবাৰে এই মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয় তামিলনাডুৰ ত্ৰিচি জিলাৰ লালগুড়িৰ সমীপৰ আংকাৰাই অঞ্চলত।
দুৰ্ঘটনাত নিহত দম্পতীহালক লালগুড়িৰ চাথামংগলম গাঁৱৰ নিৱাসী ৰাগিনী (৩২) আৰু পেৰামবলুৰ জিলাৰ ছিৰুৱায়ালুৰ গাঁৱৰ নিৱাসী সেনথিলকুমাৰ (৩৩) বুলি চিনাক্ত কৰা হৈছিল।
জানিব পৰা মতে, দেওবাৰে দম্পতীহালে বাইকেৰে ৰাগিনীৰ মাতৃগৃহলৈ গৈছিল।
তাত এক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত সোমবাৰে পুনৰ বাইকেৰে উভতি আহিছিল ঘৰলৈ।
কিন্তু দম্পতীহালে আংকাৰাই অঞ্চল পোৱাৰ সময়তে ত্ৰিচিৰ পৰা আৰিয়াল অভিমুখে গৈ থকা এখন তীব্ৰবেগী ল’ৰীয়ে তেওঁলোকক মহটিয়াই নিয়ে।
এই কৰুণ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ ৰাজপথৰ ওপৰতে চটবটাই মৃত্যুক সাৱটি লয় দম্পতীহালে।
পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দম্পতীহালৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
লগতে আৰক্ষীয়ে দুৰ্ঘটনাটোৰ সৈতে জড়িত গোচৰ ৰুজু কৰি কইম্বাটুৰৰ গান্ধীপুৰম বিলামেডু অঞ্চলৰ নিৱাসী প্ৰভাকৰন (৪০) নামৰ ল’ৰী চালকক গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে, যোৱা বছৰ আগষ্ট মাহৰ ২২ তাৰিখে বিবাহপাশত আৱদ্ধ হৈছিল ৰাগিনী আৰু সেনথিলকুমাৰ।
দম্পতীহালৰ বিয়োগৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক।