মৰ্মান্তিক! মাছ মাৰিবলৈ গৈ পথাৰত খান্দি থোৱা দ’ গাঁতত পৰি কৰুণ মৃত্যু দুগৰাকী মহিলাৰ…

এক শোকাৱহ ঘটনা।

মাছ মাৰিবলৈ গৈ পথাৰত খান্দি থোৱা দ’ গাঁতত পৰি কৰুণ মৃত্যুক সাৱটিলে দুগৰাকী মহিলাৰ।

দক্ষিণ কামৰূপৰ সৰপাৰাত সংঘটিত হৈছে এই অঘটন।

মৃত মহিলা দুগৰাকী সৰপাৰা গাঁৱৰ দীপালী মজুমদাৰ (৪৯) আৰু ভাৰতী মজুমদাৰ (৪৫)।

জানিব পৰা মতে, সৰপাৰা গাঁওৰ ৩ গৰাকী মহিলা ওলাই গৈছিল পথাৰলৈ। কিন্তু পথাৰৰ মাজত ভূ-মাফিয়া চক্ৰই অবৈধভাৱে খান্দি থৈছিল বৃহৎ গাঁতত পৰি যায়।

এক্সেভেটৰৰে অবৈধভাৱে খান্দি থোৱা দ’ গাঁত পানীৰে ভৰি থকাত নেদেখি তিনিওগৰাকী মহিলা পৰি যায়।

চিঞৰ–বাখৰ শুনি ওচৰৰ মানুহে মহিলা কেইগৰাকীক উদ্ধাৰ কৰে যদিও দুগৰাকী মহিলা ভাৰতী মজুমদাৰ আৰু দীপালী মজুমদাৰৰ মৃত্যু হয়।

আন এগৰাকী মহিলায়ো সংকটজনক অৱস্থাত হাস্পতালত চিকিত্‍সাধীন হৈ আছে।