fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! মহ মৰা ধূপৰ বাবেই জ্বলি ছাই হ’ল এখন ঘৰ, বিষাক্ত গেছৰ ফলত পৰিয়ালৰ ৬ সদস্যৰ মৃত্যু

নিউজ ডেস্কঃ মহ খেদিবলৈ নিশা ঘৰত জ্বলাই থোৱা কইলৰ বাবেই অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল একেটা পৰিয়ালৰ ৬ সদস্যই।

এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে দিল্লীৰ শাস্ত্ৰী পাৰ্কত।

জানিব পৰা মতে, এটা পৰিয়ালে নিশা শোৱাৰ সময়ত মহ মৰা কইল জ্বলাই থৈছিল।

কিন্তু ৰাতি এই মহ মৰা কইলটো বিচনাৰ ওপৰত বাগৰি পৰাৰ ফলত তাৰ পৰা জুইৰ সূত্ৰপাত ঘটে।

সমান্তৰালভাৱে কইলৰ পৰা নিৰ্গত বিষাক্ত কাৰ্বন মনোক্সাইড গেছে গোটেই ঘৰটো বেঢ়ি থৰাত উশাহ নিশাহ বন্ধ হৈ মৃত্যুক সাৱটি লয় পৰিয়ালটোৰ ৬ জন সদস্যই।

নিহত সকলৰ ভিতৰত ৪ জন পুৰুষ, এগৰাকী মহিলা আৰু এটি শিশু আছে বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

ইফালে ঘৰটোত সংঘটিত অগ্নিকাণ্ডৰ ফলত আন দুজন লোকো আহত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!