মৰ্মান্তিক! মন্দিৰ দৰ্শনৰ বাবে খোজ কাঢ়ি গৈ থকা সময়তে দ্ৰুতবেগী বাহনে মহতিয়াই থৈ গ’ল ভক্তক, ৬ জনৰ মৃত্যু

নিউজ ডেস্কঃ মন্দিৰলৈ গৈ থকা পথতে দ্ৰুতবেগী ইনোভা বাহনে মহতিয়াই নিয়াৰ ফলত মৃত্যু ঘটিল ৬ জনকৈ ভক্তৰ।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে গুজৰাটৰ আৰাৱল্লীত।

জানিব পৰা মতে, শুকুৰবাৰে আৰাৱল্লীৰ অম্বাজী মন্দিৰত অনুষ্ঠিত ভাদৰৱী পুনম মেলালৈ দাহোদৰ পৰা এটা ভক্তৰ দল খোজ কাঢ়ি গৈ আছিল।

সেই সময়তে মালপুৰৰ কৃষ্ণপুৰ গাঁৱৰ সমীপৰ ঘাইপথত এখন দ্ৰুতবেগী ইনোভা বাহনে মহতিয়াই থৈ যায় ভক্ত কেইজনক।

image 12
মৰ্মান্তিক! মন্দিৰ দৰ্শনৰ বাবে খোজ কাঢ়ি গৈ থকা সময়তে দ্ৰুতবেগী বাহনে মহতিয়াই থৈ গ’ল ভক্তক, ৬ জনৰ মৃত্যু 4

এই দুৰ্ঘটনাত ৬ জন ভক্তৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন ৬ জন। আহত কেইজনক ততাতৈয়াকৈ উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হয়।

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এই দুৰ্ঘটনাত গভীৰ শোক ব্যক্ত কৰাৰ লগতে নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নিহত সকলৰ পৰিয়াললৈ ৪ লাখ টকা আৰু আহত সকললৈ ৫০ হাজাৰ টকা সাহায্য প্ৰদানৰো ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।

photo1662108937
মৰ্মান্তিক! মন্দিৰ দৰ্শনৰ বাবে খোজ কাঢ়ি গৈ থকা সময়তে দ্ৰুতবেগী বাহনে মহতিয়াই থৈ গ’ল ভক্তক, ৬ জনৰ মৃত্যু 5

উল্লেখযোগ্য যে, বনসকান্থাৰ অম্বাজীৰ বিখ্যাত অম্বাজী মন্দিৰত বৰ্ষা ঋতুৰ সময়ত প্ৰতিবছৰে এসপ্তাহৰ বাবে ভাদৰৱী পুনম মেলা পালন কৰা হয়।

গুজৰাট আৰু চুবুৰীয়া ৰাজস্থানৰ পৰা লাখ লাখ ভক্ত ৰীতি-নীতিৰ অংশ হিচাপে খোজকাঢ়ি অম্বাজী মন্দিৰত উপস্থিত হয়।

এই বছৰ, ভাদৰৱী পুনম মেলা ৫ৰ পৰা ১০ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব।

আৰক্ষীয়ে জনোৱা অনুসৰি, এই মেলাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, স্বাস্থ্য, অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় প্ৰশাসনৰ দলৰ সৈতে ৭,০০০ তকৈও অধিক কৰ্মচাৰী কৰ্তব্যত নিয়োজিত কৰা হ’ব।

লগতে চাওকঃ

চৰণেহে জানে মৰণৰ ঠাই! মাতৃৰ শেষকৃত্যলৈ যােৱাৰ পথত দুৰ্ঘটনাত জীয়ৰী, সম্পৰ্কীয় ভাতৃৰ কৰুণ মৃত্যু

photo 2022 09 02 18 52 23
মৰ্মান্তিক! মন্দিৰ দৰ্শনৰ বাবে খোজ কাঢ়ি গৈ থকা সময়তে দ্ৰুতবেগী বাহনে মহতিয়াই থৈ গ’ল ভক্তক, ৬ জনৰ মৃত্যু 6