নিউজ ডেস্কঃ কৰ্ণাটকৰ বালাগৱি জিলাত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুলায় তিনিগৰাকী মহিলাসহ কমেও ৬ জনকৈ ভক্তই।
জানিব পৰা মতে, জিলাখনৰ ৰামদুৰ্গ তালুকৰ হালকুণ্ড গাঁৱৰ ভক্তৰ এটা দলে সাৱদট্টিস্থিত ৰেণুকা য়াল্লাম্মা মন্দিৰলৈ গৈ থকাৰ সময়তে চিঞ্চনুৰত তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত প্ৰচণ্ড জোৰে খুন্দা মাৰে।
এই দুৰ্ঘটনাত বাহনখনত থকা ৫ জনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন এজনৰ হাস্পতাললৈ নিয়াৰ পথত মৃত্যু ঘটে।
নিহত সকলক হনুমাৱা (২৫), দীপা (৩১), সবিতা (১৭), সুপ্ৰিতা (১১), ইন্দ্ৰৱা (২৪) আৰু মাৰুতি (৪২) বুলি চিনাক্ত কৰা হৈছে।
ইফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন ১৬ জনক স্থানীয় লোক আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।
কৰ্ণাটকৰ জলসিঞ্চন মন্ত্ৰী গোবিন্দ কাৰ্জোলে দুৰ্ঘটনাটোত শোক ব্যক্ত কৰি নিহতৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰিছে।