নিউজ ডেস্কঃ মন্দিৰত পূজা আগবঢ়াই ঘৰলৈ উভতি অহাৰ পথতে এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিশুসহ ৫ জনকৈ লোকে।
দেওবাৰে এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় তেলেংগানাৰ সূৰ্যপটৰ মুনাগালৰ ৰাষ্ট্ৰীয় ঘাইপথত।
জানিব পৰা মতে, ৩০ জন লোকে মুনাগালৰ উপকণ্ঠত অৱস্থিত ভগৱান আয়াপ্পা মন্দিৰত পূজা অৰ্চনা আগবঢ়াই এখন ট্ৰেক্টৰেৰে ঘৰলৈ উভতি অহাৰ পথতে এখন ল’ৰীৰ সৈতে ট্ৰেক্টৰখনৰ মুখামুখি সংঘৰ্ষ ঘটে।

যাৰ ফলত ৫ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন ২০ জন গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাত নিহত সকলক থেনেৰু প্ৰমীলা (৩৫), চিন্তকায়লা প্ৰমীলা (৩৩), উদয় লোকেশ (৮), নাৰাগনী কোটাইয়া (৫৫) আৰু গুণ্ডু জ্যোতি (৩৮) বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত আহত সকলক উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰে।
এই মৰ্মান্তিক দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।