মৰ্মান্তিক! ভয়ংকৰ দুৰ্ঘটনাত নিহত ২ শিশুসহ ৯ জন

নিউজ ডেস্কঃ কৰ্ণাটকৰ টুমকুৰ জিলাৰ বলেনাহল্লী গেটৰ সমীপত বৃহস্পতিবাৰে পুৱা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুটি শিশুসহ ৯ জন লোকৰ মৃত্যু ঘটে। এখন ল’ৰী আৰু এখন টেম্প’ ট্ৰেক্স ক্ৰুইজাৰৰ মাজত সংঘটিত হয় এই মুখামুখি সংঘৰ্ষ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাত নিহত অধিকাংশই শ্ৰমিক। পুৱা ট্ৰেক্স ক্ৰুইজাৰ খনেৰে ২৪ জন শ্ৰমিক ৰাইচুৰ জিলাৰ পৰা আহি থকা সময়তে সংঘটিত এই দুৰ্ঘটনা। দুৰ্ঘটনাত বাহনখনৰ চালক কৃষ্ণাপ্পাও নিহত হয়।

tumkur t
মৰ্মান্তিক! ভয়ংকৰ দুৰ্ঘটনাত নিহত ২ শিশুসহ ৯ জন 2

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত অধিকাংশ লোকে টোপনিত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অৱশ্যে দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

কৰ্ণাটকৰ গৃহমন্ত্ৰী আৰাগা জ্ঞানেন্দ্ৰই এই দুৰ্ঘটনা দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি আহত সকলক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ টুমকুৰৰ জিলাৰ আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে।