
নিউজ ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা হাতী-মানুহৰ সংঘাতৰ মাজতে এইবাৰ মৰিয়নীত সংঘটিত হ’ল এক মৰ্মান্তিক ঘটনা।
মঙলবাৰে পুৱতি নিশা মৰিয়নীৰ বিজয়পুৰত খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ গছকত প্ৰাণ হেৰুৱাবলগীয়া হয় এগৰাকী কিশোৰীয়ে।
জানিব পৰা মতে, পুৱতি নিশা গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীৰ জাকৰ এটা হাতীয়ে ফালৰি কাটি প্ৰৱেশ কৰে বিজয়পুৰত।
বন্যহস্তীটোৱে গাঁওখনত প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰাত গাঁওবাসীৰ মাজত লৰা-ঢপৰা লাগে।
সেই সময়তে বন্যহস্তীটোৱে গাঁওখনৰ এটা পৰিয়ালক আক্ৰমণ কৰাত হাতীৰ গছকত গুৰুতৰভাৱে আহত হয় বৰষা গগৈ নামৰ এগৰাকী কিশোৰী আৰু তেওঁৰ মাতৃ লক্ষীমাই গগৈ।
ইফালে হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে বৰষাৰ ভাতৃ সঞ্জীৱ গগৈ।
পৰৱৰ্তী সময়ত আহত মাতৃ-কন্যাক ততাতৈয়াকৈ যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে বৰষাৰ।
বৰ্তমানো সংকটজনক অৱস্থাত হাস্পতালখনত চিকিৎসাধীন হৈ আছে মাতৃ লক্ষীমাই গগৈ।
জানিব পৰা মতে, হাতীৰ গছকত মৃত্যু ঘটা বৰষা মৰিয়নী জংঘলব্লক হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল।
কিশোৰীগৰাকীৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।