fbpx
অসমীয়াআন্তঃৰাষ্ট্ৰীয়

মৰ্মান্তিক! ভয়ংকৰ সংঘৰ্ষৰ পিছতে দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ আৰু কাৰ, কমেও ৩০ জনৰ মৃত্যু

নিউজ ডেস্কঃ প্ৰচণ্ড সংঘৰ্ষৰ পিছতে পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ আৰু এখন চাৰিচকীয়া বাহন।

এই ভয়ংকৰ দুৰ্ঘটনাটোত কমেও ৩০ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হৈছে আন ১৫ জন যাত্ৰী।

পাকিস্তানৰ খাইবাৰ পখতুনখোৱাৰ কোহিস্তান জিলাৰ কাৰাকোৰাম ঘাইপথথ মঙলবাৰে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, গিলগিটৰ পৰা ৰাৱালপিণ্ডিলৈ গৈ থকা যাত্ৰীবাহী বাছখনে প্ৰদেশখনৰ শীতিয়াল অঞ্চলত বিপৰীত ফালৰ পৰা অহা এখন গাড়ীৰ সৈতে খুন্দা মাৰে।

এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে নিয়ন্ত্ৰণহীন হৈ দ খাৱৈত বাগৰি পৰে দুয়োখন বাহন।

ইফালে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি বিভিন্ন হাস্পতালত ভৰ্তি কৰোৱায়।

এই ভয়ংকৰ দুৰ্ঘটনাটোত শোকপ্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফেও।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!