মৰ্মান্তিক! ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত এটা পৰিয়াল, চিকিৎসকৰ ধৰ্মঘটৰ বাবেই বিনা চিকিৎসাই মৃত্যুক সাৱটিলে ৫ সদস্যই…

নিউজ ডেস্কঃ মন্দিৰৰ পূজাত ভাগ লৈ ঘৰলৈ উভতি অহাৰ পথতে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৩ শিশুসহ একেটা পৰিয়ালৰ ৫ জনকৈ সদস্যই।

নিশা এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয় ৰাজস্থানৰ চুৰু জিলাৰ ৰাজগড় চহৰৰ সমীপত।

জানিব পৰা মতে, হাৰিয়ানাৰ হিছাৰ জিলাৰ শ্বাহদৱা গাঁৱৰ নিৱাসী পৰিয়ালটোৱে ছালছাৰাত মন্দিৰৰ পূজাত ভাগ ল’বলৈ আহিছিল।

নিশা তেওঁলোকে উভতাৰ পথতে তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই হিছাৰ-ৰাজগড় পথত এখন ট্ৰাকত খুন্দা মৰাত পৰিয়ালটোৰ পাঁচোজন সদস্য গুৰুতৰভাৱে আহত হয়।

ইফালে আহত সকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি হাস্পতাললৈ নিয়া হয় যদিও ৰাজস্থানত অব্যাহত থকা চিকিৎসকৰ ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত চিকিৎসাৰ পৰা বঞ্চিত হৈ মৃত্যুক সাৱটি লয় পৰিয়ালটোৰ আটাইকেইজন সদস্যই।

নিহত সকলক বিমলা (৬০), কৃষ্ণ (৪৮), অঞ্জলি (১৩), অংকিত (১০) আৰু সৃষ্টি (২) বুলি চিনাক্ত কৰা হৈছে।