মৰ্মান্তিক! ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে অৰুণাচল প্ৰদেশৰ মহিলা সংবাদকৰ্মীৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

বনভােজলৈ যােৱাৰ পথত দুৰ্ঘটনাত কৰুণ মৃত্যু অৰুণাচল প্ৰদেশৰ যুৱ সাংবাদিক, পূব ছিয়াঙ জিলাৰ বাসিন্দা ক্ৰিষ্টিনা দাৰঙ (২੦)ৰ।

জানিব পৰা মতে, শুকুৰবাৰে বন্ধুবৰ্গৰ সৈতে বনভােজৰ বাবে যােৱাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটে ক্ৰিষ্টিনাৰ।

পাচিঘাটৰ সমীপৱৰ্তী দুৰা অঞ্চলৰ ওচৰত ক্ৰিষ্টনাই যাত্ৰা কৰা বাহনখন দুৰ্ঘটনাত পতিত হয়।

323158149 1764527860615017 459296571010204474 n
মৰ্মান্তিক! ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে অৰুণাচল প্ৰদেশৰ মহিলা সংবাদকৰ্মীৰ 2

সংকটজনক অৱস্থাত তেওঁক সমীপৱৰ্তী চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে উন্নত চিকিৎসকাৰ বাবে ডিব্ৰুগড়লৈ ৰেফাৰ কৰে। কিন্তু যাত্ৰাপথতে শেষ নিস্বাস ত্যাগ কৰে ক্ৰিষ্টিনাই।

ক্ৰিষ্টিনাৰ এনে আকস্মিক মৃত্যুৰ ঘটনাই অৰুণাচল প্ৰদেশৰ সংবাদ জগতত গভীৰ শােকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে তেওঁ ইং ২੦২੦ চনত জৱাহৰলাল নেহৰু কলেজ, পাচিঘাটৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু তেওঁ IGNOU জৰিয়তে সমাজ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি আছিল।