এক অতি শোকাৱহ ঘটনা৷
বুটমাহ খাই থাকোতেই উশাহ বন্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে এটি দুবছৰীয়া কণমানিয়ে৷
নাৰায়ণপুৰৰ বেলগুৰিত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো৷
মৃত শিশুটি দুবছৰীয়া হৰ্ষিত বৰুৱা বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে কণমানিটোৱে ঘৰত বুটমাহ খাই থকাৰ সময়তে অকস্মাৎ এটা বুট শ্বাস-প্ৰশ্বাসৰ নলীয়েদি ভিতৰত সোমোৱাত শিশুটিৰ উশাহ বন্ধ হৈ পৰে৷
লগে লগে পৰিয়ালৰ লোকে শিশুটিক নাৰায়ণপুৰ স্থিত মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে শিশুটিক৷
গাঁৱখনৰ হেম বিকাশ বৰুৱা আৰু দয়মন্তি বৰুৱাৰ একমাত্ৰ সন্তান আছিল হৰ্ষিত৷
এটা বুটমাহৰ বাবে কণমানি শিশুটিৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি পেলাইছে শোকৰ ছাঁ৷