fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! বিয়া শেষ কৰি কইনা লৈ ঘৰলৈ অহাৰ সময়তে দলঙৰ পৰা বাগৰি নৈত পৰিল বৰযাত্ৰীৰ বাহন, ৪ জনৰ মৃত্যু, আহত দৰা-কইনা…

নিউজ ডেস্কঃ বিয়া সম্পন্ন কৰি কইনা লৈ ওভতাৰ পথতে নিয়ন্ত্ৰণ হেৰুৱা দলঙৰ পৰা বাগৰি নৈত পৰিল বৰযাত্ৰীৰ বাহন।

পশ্চিমবংগৰ কালিম্পং জিলাৰ মংপং আৰক্ষী আউটপোষ্টৰ অন্তৰ্গত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাত কমেও ৪ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে দৰা-কইনাসহ আহত হয় আন ৬জন লোক।

জানিব পৰা মতে, শিলিগুৰি নিৱাসী ৰাজেশ এক্কাই শুকুৰবাৰে নিশা বিবাহ সম্পন্ন কৰি কইনাক লগত লৈ দুৱাৰছৰ বানাৰহাট অঞ্চলৰ পৰা ঘৰলৈ উভতিছিল।

দৰা-কইনা সহিতে প্ৰায় ১০ জন লোকে যাত্ৰা কৰা বাহনখনে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকাৰ সময়তে ৰুংডুং দলঙত নিয়ন্ত্ৰণ হেৰুৱাই তলৰ নদীত বাগৰি পৰে।

image 90

এই দুৰ্ঘটনাটোত এগৰাকী মহিলাসহ চাৰিজন লোকৰ থিতাতে মৃত্যু ঘটে। নিহত সকলৰ এজনক তিলক মণ্ডল বুলি চিনাক্ত কৰা হৈছে যদিও আন ৩ জনৰ চিনাক্তকৰণ হোৱা নাই।

ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় দৰা ৰাজেশ এক্কা আৰু কইনা পুনম।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত দৰা-কইনাৰ লগতে বাকী সকলক শিলিগুৰিৰ হাস্পতালত ভৰ্তি কৰোৱায়।

এই দুৰ্ঘটনাটোৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!