fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! বিয়া খাই ওভতাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত পত্নী-পুত্ৰ-কন্যা আৰু ভতিজীসহ প্ৰাণ গ’ল অৰবিন্দৰ…

নিউজ ডেস্কঃ এখন চাৰিচকীয়া বাহন আৰু অটো ৰিক্সাৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষই প্ৰাণ কাঢ়ি লৈ গ’ল এটা পৰিয়ালৰ ৫ জনকৈ সদস্যৰ।

বৃহস্পতিবাৰে নিশা এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় গুজৰাটৰ বদোদৰাত।

অধিক দ্ৰুতবেগত গাড়ী চলোৱাৰ অপৰাধত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাৰিচকীয়া বাহনখনৰ চালকজনক।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বদোদৰাৰ পাদৰা তালুকৰ লোলা গাঁৱৰ নিৱাসী পৰিয়ালটোৱে বৃহস্পতিবাৰে নিশা এক বিবাহ অনুষ্ঠানত অংশ লৈ অটোৰে উভতি আহিছিল।

সেই সময়তে বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী এৰ্টিগা বাহন এখনে অটোখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

এই দুৰ্ঘটনাত থিতাতে তিনিজনৰ মৃত্যু ঘটে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত আন তিনিজনক হাস্পতাললৈ নিয়ে যদিও হাস্পতাল পোৱাৰ পূৰ্বেই মৃত্যুক সাৱটি লয় আন দুজনেও।

নিহত সকলক অৰবিন্দ নায়ক, তেওঁৰ পত্নী কাজল, পুত্ৰ গণেশ, কন্যা দৃষ্টি আৰু ভতিজী শিৱানী বুলি চিনাক্ত কৰা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!