fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! বিয়াৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু কইনাৰ, দৰাৰ সৈতে বিয়াত বহিল ভগ্নী…

নিউজ ডেস্কঃ আকস্মিক মৃত্যুৰ আন এক হৃদয় বিদাৰক ঘটনাই শোকস্তব্ধ কৰি তুলিছে সকলোকে।

নিজৰ বিয়াৰ ৰীতি-নীতি চলি থকাৰ সময়তে হঠাৎ ঢলি পৰি মৃত্যুক সাৱটি ল’লে বিয়াৰ কইনাই।

এই শোকাবহ ঘটনাৰ স্থান গুজৰাটৰ ভৱনগৰ।

জানিব পৰা মতে, যুৱতীগৰাকীৰ বিয়াৰ সামাজিক ৰীতি-নীতি চলি থকাৰ সময়তে হঠাৎ তেওঁ ঢলি পৰে।

লগে লগে কইনাক হাস্পতাললৈ লৈ যোৱা হয় যদিও হৃদৰোগত আক্ৰান্ত হৈ যুৱতীগৰাকীৰ মৃত্যু ঘটা বুলি জনায় চিকিৎসকে।

এই খবৰ লাভ কৰাৰ পিছতে শোকত ভাগি পৰে পৰিয়াল।

ইফালে ঘৰত সেই সময়ত বিয়াৰ উখল মাখল পৰিৱেশ। নিমন্ত্ৰিত অতিথিৰে ভৰি আছিল ৰভাতলী।

সেই সময়ত কইনাৰ পৰিয়ালে বিয়াখন বাতিল কৰিবলৈ খুজিছিল যদিও সমাজৰ একাংশ লোকে কইনাৰ কনিষ্ঠ ভগ্নীক বিয়াত বহিবলৈ সৈমান কৰায়।

যাৰ পিছত জ্যেষ্ঠ কন্যাক নিবলৈ অহা দৰাৰ লগতে এক শোকাকুল পৰিৱেশত বিবাহ সম্পন্ন হয় কনিষ্ঠ কন্যাৰ।

ইফালে এই বিবাহ অনুষ্ঠানৰ সামাজিক ৰীতি-নীতি সম্পন্ন নোহোৱা পৰ্যন্ত কইনাৰ মৃতদেহটো ক’ল্ড ষ্ট’ৰেজত ৰাখে পৰিয়ালে।

বিবাহ সম্পন্ন হোৱাৰ পিছতহে যুৱতীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়।

Related Articles

Back to top button