
নিউজ ডেস্কঃ বৃহস্পতিবাৰে সম্পন্ন হৈছিল যুৱকজনৰ বিয়া। দেওবাৰে ঘৰত অনুষ্ঠিত কৰাৰ কথা আছিল বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান।
কিন্তু বিয়া কৰাই কইনা লৈ ঘৰলৈ ওভতাৰ পিছতে আকস্মিকভাৱে মৃত্যুক সাৱটিলে দৰা যুৱকজনে।
এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে বৰপেটাৰোডৰ চৰকমাঠত।
বিয়াৰ মাত্ৰ এদিন পিছতে হঠাৎ শ্বাস-প্ৰশ্বাস বন্ধ হৈ মৃত্যুক সাৱটি লয় দৰাজনে।
জানিব পৰা মতে, বৃহস্পতিবাৰে সম্পন্ন হৈছিল চৰকমাঠৰ নিৱাসী ৰাম মজুমদাৰ নামৰ যুৱকজনৰ বিয়া।
অতি উলহ মালহেৰে বিয়া সম্পন্ন কৰাৰ পিছত শুকুৰবাৰে পুৱা কইনাসহিতে ঘৰলৈ উভতিছিল ৰাম।
কিন্তু শুকুৰবাৰে নিশা শুই থকা সময়তে উশাহ লোৱাত অসুবিধা পায় যুৱকজনে।
পৰিয়ালৰ লোকে লগে লগে ৰামক নিকটৱৰ্তী হাস্পতাললৈ লৈ যায় যদিও আধা বাটতে মৃত্যু ঘটে দৰা।
উল্লখ্য যে, কইনাৰ ঘৰত বিয়া সম্পন্ন কৰাৰ পিছত দেওবাৰে নিজৰ ঘৰত অভ্যৰ্থনাৰ আয়োজন কৰিছিল ৰাম মজুমদাৰে।
কিন্তু তাৰ পূৰ্বেই এনেদৰে বিয়াৰ দৰাজনেই আকস্মিক মৃত্যুক সাৱটি লোৱাত এতিয়া কান্দোনত ভাগি পৰিছে ন কইনাৰ লগতে গোটেই পৰিয়াল।
এই ঘটনাই শোকস্তব্ধ কৰিছে সমগ্ৰ অঞ্চলবাসীকো।
বৰপেটাৰোডত মৰ্মান্তিক ঘটনা। বিয়াৰ পিছদিনাই মৃত্যু দৰাৰ। মৃত্যু বৰপেটাৰোড চৰকমাঠৰ ৰাম মজুমদাৰ