অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! বিয়াৰ পৰা উভতি অহাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু মাতৃ-পুত্ৰৰ…

নিউজ ডেস্কঃ এক বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল মাতৃ-পুত্ৰৰ।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় কেৰালাৰ চুল্লিয়াৰ জলছুৰকাছাৰগোড়ত।

জানিব পৰা মতে, সোমবাৰে ৬ গৰাকী ব্যক্তিয়ে এক বিবাহ কাৰ্যসূচীত অংশ লৈ ঘৰলৈ উভতি অহাৰ পথতে তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত খুন্দা মাৰে।

দুৰ্ঘটনাত মাতৃ-পুত্ৰৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন ৪ জন গুৰুতৰভাৱে আহত হয়।

নিহত মাতৃ-পুত্ৰহালক পৰপ্পাৰ নিৱাসী শ্বাহিনা (২৮) আৰু শ্বাহজা (৩) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰে।

আহত দুজনৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে।

মৰ্মান্তিক পথ দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

Related Articles

Back to top button