fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! বিয়াৰ চাৰিদিন পিছত ন কইনাক লৈ ঘৰলৈ ওভতাৰ পথতে সংঘটিত ভয়ংকৰ দুৰ্ঘটনা, নৱ বিবাহিত দম্পতীৰ মৃত্যু…

নিউস্ক ডেস্কঃ বিয়াৰ ৪ দিন পিছত ন কইনাক লৈ ঘৰলৈ ওভতাৰ পথতে ভয়াবহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল এহাল নৱ বিবাহিত দম্পতীৰ।

এই হৃদয় বিদাৰক দুৰ্ঘটনা সংঘটিত হয় ৰাজস্থানৰ নগৌৰ জিলাত।

নিহত নৱ বিবাহিত দম্পতীহালক ফালোডীৰ নিৱাসী কিশোৰ চেইনী আৰু পত্নী কিৰণ বুলি চিনাক্ত কৰা হৈছে।

ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ন কইনা কিৰণৰ ভাতৃ কৃষ্ণ কুমাৰো।

জানিব পৰা মতে, যোৱা ১৫ ফেব্ৰৱাৰীত ছিকাৰত বিবাহ সম্পন্ন হৈছিল কিশোৰ আৰু কিৰণৰ।

দেওবাৰে কিৰণক মাতৃগৃহৰ পৰা আনিবলৈ গৈছিল কিশোৰে।

নিশা তেওঁলোকে ফালোডীলৈ উভতি অহাৰ পথতে জয়ালৰ কল্পনা চাওলা বিদ্যালয়ৰ সমীপত বিপৰীত দিশৰ পৰা অহা এখন অচিনাক্ত বাহনে প্ৰচণ্ড জোৰে খুন্দা মাৰে।

যাৰ ফলত কিশোৰ আৰু কিৰণৰ থিতাতে মৃত্যু ঘটে।

ইফালে দুৰ্ঘটনাৰ পিছতে স্থানীয় লোক আৰু আৰক্ষীয়ে আহত কৃষ্ণ কুমাৰক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত উন্নত চিকিৎসাৰ বাবে নগৌৰলৈ প্ৰেৰণ কৰে।

বিয়াৰ মাত্ৰ চাৰিদিন পিছতে নৱ বিবাহিত দম্পতীহালৰ এনে অকাল মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালৰ লগতে অঞ্চলবাসীক।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!