নিউজ ডেস্কঃ বিভাগীয় প্ৰশিক্ষণ গ্ৰহণ কৰি উভতি অহাৰ পথতে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫ গৰাকীকৈ শিক্ষকে।
মঙলবাৰে পুৱতি নিশা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী জিলাত।
দুৰ্ঘটনাত ৫ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন ৫ জন গুৰুতৰভাৱে আহত হয়।
আহত সকলক উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত হাস্পতালত ভৰ্তি কৰোৱায় স্থানীয় ৰাইজে।
জানিব পৰা মতে, মঙলবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত শ্বাহজাহানপুৰৰ পৰা যাত্ৰী লৈ পালিয়া অভিমুখে ৰাওনা হৈছিল ইউপি ২৬ এম ৭৯৯৯ নম্বৰৰ জাইল’ বাহনখন।
বাহনখনৰ ভিতৰত থকা মুঠ ১১ জনৰ অধিকাংশই আছিল শিক্ষক। তেওঁলোকে প্ৰয়াগৰাজৰ পৰা বিভাগীয় প্ৰশিক্ষণ সম্পন্ন কৰি উভতি আহিছিল।

পুৱা প্ৰায় পাঁচ বজাত বাটত আটাৰিয়া গাঁৱৰ ওচৰ পাওঁতে সন্মুখৰ পৰা অহা বাহনখনক কাষ দি থকাৰ সময়তে বানপানীৰ সময়ত ভঙা কালভাৰ্টৰ কাষত নিৰ্মাণ কৰা গাঁতটোত জাইলো গাড়ীখন লুটি খাই পৰে।
গাড়ীখন উলটি যোৱাৰ ফলত তাত থকা লোকসকল পানীত উটি যাবলৈ ধৰে আৰু শ্বাসৰুদ্ধ হৈ থিতাতে ৫জন লোকৰ মৃত্যু হয়।
দুৰ্ঘটনাটোৰ পিছত আশে-পাশে থকা লোকসকলে সেই স্থানত উপস্থিত হৈ কেনেবাকৈ আহতসকলক গাড়ীৰ পৰা উলিয়াই আনি চিকিৎসালয়লৈ লৈ যায়।