মৰ্মান্তিক! বিবাহ অনুষ্ঠানৰ পৰা ওভতাৰ পথত দুৰ্ঘটনাত কইনাৰ মাতৃ-আইতাসহ ৪ জনৰ মৃত্যু

March 18, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। বিবাহ অনুষ্ঠান সম্পন্ন হােৱাৰ পাছত আত্মীয়ৰ সৈতে ঘৰলৈ ওভতাৰ পথত শােকাৱহ মৃত্যু ঘটিল কইনাৰ মাতৃ-আইতাককে ধৰি ৪ আত্মীয়ৰ।

উত্তৰাখণ্ডৰ নেনিতালত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনা।

জানিব পৰা মতে, উত্তৰাখণ্ডৰ নেনিতালৰ গদৰপুৰৰ এটা ৰিজ’ৰ্টত সম্পন্ন হৈছিল বিবাহ অনুষ্ঠান। বসন্ত গাৰ্ডেনৰ নিবাসী জগদীশ কুমাৰ গােৱেলৰ কন্যাৰ বিবাহৰ কাৰ্যসূচী অনুষ্ঠিত হৈছিল এই ৰিজ’ৰ্টখনত।

এই বিবাহ অনুষ্ঠানৰ পৰা বসন্ত গাৰ্ডেন স্থিত ঘৰলৈ ওভতি অহা ৰাষ্ট্ৰীয় ঘাইপথ নং ৭৪ ত পুৱতি নিশা চালকৰ টােপনিৰ বাবে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰাতঃ ভ্ৰমণলৈ অহা এজন লােকক খুন্দিয়াই পথৰ দাঁতিৰ দ খাৱৈত পৰে।

এই দুৰ্ঘটনা ইমানেই ভয়াৱহ আছিল যে প্ৰাতঃ ভ্ৰমণকাৰী চৰণ সিঙ (৪৩)ৰ থিতাতে মৃত্যু ঘটে। নিহত লােকজন ভাৰতীয় খাদ্য নিগম, ৰুদ্ৰপুৰৰ প্ৰবন্ধক হিচাপে কৰ্মৰত আছিল।

ইপিনে, আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰােৱা হয় যদিও চিকিৎসকে কইনাৰ মাতৃ মঞ্জু গোৱেল (৬৩), আত্মীয় কুসুলতা (৫৫) মৃত বুলি ঘোষণা কৰে।

কইনাৰ আইতা চান্দাৱতী (৮০) ৰুদ্ৰপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত বুলি ঘোষণা কৰা হয়।

দুৰ্ঘটনাত আহত গাড়ীচালক ৰজত গোৱেল ওৰফে ৰকি, তেওঁৰ মাতৃ নিৰ্মলা দেৱী আৰু আত্মীয় অনিতাক সংকটজনক অৱস্থাত ৰুদ্ৰপুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয়।

লগতে চাওকঃ

Brake Fail! আগুৱাই যোৱাৰ পৰিৱৰ্তে হঠাৎ ৩৫ কিমি পিছুৱাই আহিল ৰে’ল, Video ভাইৰেল

আজব ঘটনা! ট্ৰাক চলাওঁতে হেলমেট নিপিন্ধাৰ বাবেই চালকে ভৰিব লগা হ’ল ১০০০ টকাৰ জৰিমনা

ৰাখে হৰি… ব্যস্ত ৰাজপথত চলন্ত গাড়ীৰ পৰা হঠাতে বাহিৰলৈ ওলাই পৰিল কণমানি শিশু, তাৰ পিছত…

অৱশেষত আহিল বৰষুণ! আনন্দতে নাচি উঠিল এগৰাকী মহিলা বন বিষয়া, Video ভাইৰেল