মৰ্মান্তিক! বিবাহ অনুষ্ঠানত সংঘটিত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণত নিহতৰ সংখ্যা ১২ জনলৈ বৃদ্ধি…

নিউজ ডেস্কঃ বিবাহ অনুষ্ঠানৰ মাজতে সংঘটিত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণত পুনৰ বৃদ্ধি পালে নিহতৰ সংখ্যা।

বৃহস্পতিবাৰে ৰাজস্থানৰ যোধপুৰত সংঘটিত এই ভয়ংকৰ ঘটনাত অগ্নিদগ্ধ হোৱা পুনৰ ৪ জনে চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে শনিবাৰে।

ইয়াৰ পিছতে চিলিণ্ডাৰ বিস্ফোৰণত নিহতৰ সংখ্যা বৃদ্ধি পাইছে ১২ জনলৈ।

উল্লেখ্য যে, বৃহস্পতিবাৰে যোধপুৰৰ ছেৰগড়ৰ ভুংগৰাত এক বিবাহ অনুষ্ঠানত সংঘটিত হৈছিল ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ।

image 58
মৰ্মান্তিক! বিবাহ অনুষ্ঠানত সংঘটিত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণত নিহতৰ সংখ্যা ১২ জনলৈ বৃদ্ধি… 4

বিবাহ অনুষ্ঠানত খাদ্য ৰান্ধিবলৈ অনা ৬টা চিলিণ্ডাৰ একেলগে বিস্ফোৰণ ঘটাৰ ফলত ৬১ জন লোক অগ্নিদগ্ধ হোৱাৰ লগতে দুজন লোকৰ মৃত্যু ঘটিছিল।

অগ্নি নিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে আহত সকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰায় যদিও শুকুৰবাৰৰ দিনটোত পুনৰ ৬ জন লোকে প্ৰাণ হেৰুৱায়।

image 59
মৰ্মান্তিক! বিবাহ অনুষ্ঠানত সংঘটিত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণত নিহতৰ সংখ্যা ১২ জনলৈ বৃদ্ধি… 5

ইয়াৰ পিছতে শনিবাৰৰ দিনটোত পুনৰ ৪ জন আহতই চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লোৱাত নিহতৰ সংখ্যা বৃদ্ধি পায় ১২ জনলৈ।

জানিব পৰা মতে, নিহত সকলৰ ভিতৰত ৭ জনেই হৈছে শিশু।

বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ থকা ১৫ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

image 60
মৰ্মান্তিক! বিবাহ অনুষ্ঠানত সংঘটিত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণত নিহতৰ সংখ্যা ১২ জনলৈ বৃদ্ধি… 6

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে এই দুৰ্ঘটনাত শোক ব্যক্ত কৰি ইতিমধ্যে নিহতৰ পৰিয়ালক ৭ লাখ টকা আৰু আহত সকলক ১ লাখ টকাকৈ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰিছে।