অসমীয়াঅসম

মৰ্মান্তিক! বিদ্যুতৰ খুঁটাত খুন্দা মাৰি দূৰলৈ চিটিকি পৰিল বাইক আৰোহী দুই ভাতৃ, মৃত্যু

নিউজ ডেস্কঃ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ বিদ্যুতৰ খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰি কৰুণ মৃত্যুক সাৱটিলে বাইক আৰোহী দুই ভাতৃয়ে।

মঙলবাৰে সন্ধিয়া এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয় দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙাত।

জানিব পৰা মতে, দুই ভাতৃয়ে বাইকেৰে গৈ থকা সময়তে ভাৰত-বাংলাদেশ সীমান্ত সংযোগী হাটশিঙিমাৰী-কালাইৰ আলগা গড়কাপ্তানি পথত নিয়ন্ত্ৰণ হেৰুৱাই বাইকৰ পৰা বাগৰি পৰে আৰু এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰি চিটিকি পৰে।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুয়ো ভাতৃক লগে লগে হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

নিহত ভাতৃদ্বয়ক কানাইমাৰা গাঁৱৰ ময়নাল হকৰ পুত্ৰ ছাবিদুল ইছলাম (১৮) আৰু আলমাজ ইছলাম (১৩) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, দুয়ো ভাতৃয়ে এমএল ১৪ ০৫৬৭ নম্বৰৰ পালছাৰ বাইকেৰে হাটশিঙিমাৰীৰ পৰা ঘৰলৈ আহি থকাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।

ইফালে আৰক্ষীয়ে ইতিমধ্যে নিহত দুয়োজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰৰেণ কৰিছে।

দুই ভাতৃৰ এনে কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

Related Articles

Back to top button